কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ ল'লে ভৱেশ কলিতাই...

শোণিতপুৰ জিলাৰ ১৬০ গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাব লগীয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি আহি উপস্থিত হ’লহি ভৱেশ কলিতা ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শ্বহীদ দিৱস ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও মন্ত্ৰী-সাংসদ উপস্থিত থাকিব লগা এই কাৰ্যসূচীটোৰ বাবে ইতিমধ্যে পকামুৰা পথাৰত চলিছে ব্যাপক প্ৰস্তুতি ৷ 

Advertisment

ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি নিজে পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ ৷ অবিভক্ত শোণিতপুৰ জিলাৰ ১৬০ গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাব লগীয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি আহি উপস্থিত হ’লহি ভৱেশ কলিতা ৷

সভাপতি গৰাকীয়ে কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানটিৰ সৰ্বতোপ্ৰকাৰ সাফল্যমণ্ডিত কামনা কৰাৰ লগতে যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলকো উৎসাহ দিয়া পৰিলক্ষিত হয় ৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

কেন্দ্ৰীয় শ্বহীদ দিৱস