ডিজিটেল সংবাদ,ৰঙিয়া: মহাসপ্তমীৰ শুভক্ষণত ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা (শিৱ মন্দিৰ)থলীত উপস্থিত হৈ ধৰ্মীয় পতাকা উত্তোলন কৰি শাৰদীয় দুৰ্গা পূজাৰ শুভাৰম্ভ কৰে বিধায়ক ভৱেশ কলিতাই। ৫ দিনীয়াকৈ আয়োজিত নৱৰাত্রী পূজাত অংশ লৈ বিধায়ক গৰাকীয়ে।
উল্লেখ্য যে, বনগাঁও শ্ৰীশ্ৰী দূৰ্গা পূজাত উপস্থিত থাকি ৰূপালী জয়ন্তী বর্ষ উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰৰ ১৮ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মাণ হবলগীয় ৰভাগৃহটিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কলিতাই।
ৰঙিয়াবাসী ভক্তপ্ৰাণ ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দুৰ্গতিনাশিনী মা দুৰ্গাৰ আশীৰ্বাদেৰে প্ৰত্যেকৰে জীৱনৰ দুখ দুৰ্গতি নাশ কৰি শান্তি সমৃদ্ধি বৃদ্ধি কৰক,তাৰেই কামনা কৰি দেৱী মাৰ শ্ৰীচৰণত সেৱা জনাই বিধায়কে।
ইফালে মধুকুছিতো সাৰ্বজনীন দুৰ্গা পূজাত উপস্থিত হৈ ৰভাগৃহ আৰু মূল মন্দিৰৰ নিৰ্মাণ কাৰ্য্যত সাহায্য প্ৰদান কৰিব বুলি কছাৰীমহল বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ আগত ৰাইজৰ উপস্থিতিত ভাষণ প্ৰদান কৰে।
তদুপৰি ৰঙিয়াত ৪৫ খন দুৰ্গা পূজা সমিতিক হৰদত্ত বীৰদত্ত ভৱনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান বিধায়ক গৰাকীয়ে নিজ হাতেৰে সমিতিসমূহক প্ৰদান কৰে।