"কংগ্ৰেছৰ অস্তিত্ব আজিৰ তাৰিখত টি ভি আৰু বাতৰি কাকতত"

পঞ্চায়ত নিৰ্বাচন পলম কৈ অনুষ্ঠিত হোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিলে ভবেশ কলিতাই। লগতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
নিজ দলৰ সদস্যকো ৰাম ঠগন দিয়ে কংগ্ৰেছে

নিজ দলৰ সদস্যকো ৰাম ঠগন দিয়ে কংগ্ৰেছে

ডিজিটেল সংবাদ, হাজো: পঞ্চায়ত নিৰ্বাচন পলম কৈ অনুষ্ঠিত হোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিলে ভবেশ কলিতাই। লগতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে। ভবেশ কলিতাই উল্লেখ কৰে, "পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ বাবেহে পলম হৈছে।কংগ্ৰেছ দলে আদালতলৈ যোৱা বাবেহে পলম হৈছে নিৰ্বাচন। অন্যথা ইমান দিনে পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিলেহেঁতেন।"

ইয়াৰ লগতে কংগ্ৰেছ দল সম্বন্ধে কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰে ভবেশ কলিতাই। "কংগ্ৰেছৰ অস্তিত্ব আজিৰ তাৰিখত টি ভি আৰু বাতৰি কাকতত। কংগ্ৰেছ দলে সাধৰণ জনতাক ঠগ প্ৰবঞ্চনা কৰাৰ সমান্তৰালকৈ নিজ দলৰ সদস্যকো ৰাম ঠগন দিয়ে। কংগ্ৰেছ দলে এতিয়াও শূন্যত গদা ঘূৰাই আছে। পৰ্বতত কণী বিচাৰি আছে কংগ্ৰেছ দলে" বুলি তীব্ৰ বাক্যবান কৰে বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। 

বিজেপি কংগ্ৰেছ ভবেশ কলিতা পঞ্চায়ত পঞ্চায়ত নিৰ্বাচন