/asomiyapratidin/media/media_files/2025/03/18/Rt9cDOIfZdjBbpbBS0Bh.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব, বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত, সাহিত্যিক ভৱানীপ্ৰসাদ অধিকাৰীৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা, যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা, পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ উপসভাপতি নৰেন চন্দ্ৰ বৰা, সাহিত্য সংগঠক বিদ্যুৎ ভূষণ শইকীয়া, কবি ৰঞ্জিত গগৈ, কৰ্মচাৰী ৰাজশ্ৰী শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এখন শোক সভাৰে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই আৰু সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰে ৷
উল্লেখ্য যে ২০০৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰকাশন সমিতিৰ সচিব দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। গুৱাহাটীৰ হাতীগাঁও নিবাসী অধিকাৰীদেৱৰ বাসগৃহত সভাৰ এটি সজাতি দল সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, কৰ্ণধাৰৰ সদস্যদ্বয় ধীৰেন শৰ্মা, কন্দৰ্প কুমাৰ শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সাহিত্যকৰ্মী কমল কলিতা আৰু বাবুল ৰাজবংশী উপস্থিত হৈ মৃতকৰ প্ৰতি শেষশ্ৰদ্ধা জ্ঞাপন কৰে।
বিয়লি ৩ বজাত সভাৰ গুৱাহাটী কাৰ্যালয়ত তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী আঞ্চলিক কাৰ্যালয়, ধুবুৰী আঞ্চলিক কাৰ্যালয়, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়কে ধৰি অন্য আঞ্চলিক কাৰ্যালয়সমূহতো পতাকা অৰ্ধনমিত কৰি শোকসভা অনুষ্ঠিত কৰা হয়।