কি কি সুবিধা লাভ কৰে বি এইছ ছিৰিজৰ বাহনৰ গৰাকীয়ে?

এই বি এইছ ছিৰিজ মানে হৈছে ভাৰত ছিৰিজ।  এই বি এইছ ছিৰিজটোৱেই হৈছে নতুন ৰাষ্ট্ৰীয় পঞ্জীয়ন চিহ্ন যিয়ে বাহনৰ মালিকসকলে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ একাধিক ৰাজ্যৰ মাজেৰে নিজৰ বাহন পৰিবহণ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
বিএইছ ছিৰিজৰ সা-সুবিধা

বিএইছ ছিৰিজৰ সা-সুবিধা

ডিজিটেল ডেস্ক: যাত্ৰা কৰোতে বিএইছ ছিৰিজৰ নম্বৰ প্লেটবোৰ আপুনি নিশ্চয় প্ৰায়ে দেখিছে। কেতিয়াবা ভাবিছেনে এই বিএইছ ছিৰিজটো কি আৰু ই কি বুজায়? বিএইছ ছিৰিজত বাহনৰ নম্বৰ পঞ্জীয়ন হ'লে কি কি সুবিধা লাভ কৰে বাহনৰ মালিকে?

Advertisment

এই বি এইছ ছিৰিজ মানে হৈছে ভাৰত ছিৰিজ।  এই বি এইছ ছিৰিজটোৱেই হৈছে নতুন ৰাষ্ট্ৰীয় পঞ্জীয়ন চিহ্ন যিয়ে বাহনৰ মালিকসকলে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ একাধিক ৰাজ্যৰ মাজেৰে নিজৰ বাহন পৰিবহণ কৰিব পাৰে।

ভাৰত ছিৰিজ (BH series) নম্বৰ প্লেট থকা বাহনসমূহ নতুন ৰাজ্যলৈ স্থানান্তৰিত হ’লে পুনৰ পঞ্জীয়নৰ প্ৰয়োজন নহয়। ইয়াৰ ফলত বাহনৰ মালিকসকলে বাৰে বাৰে পঞ্জীয়ন কৰাৰ সময়ত হোৱা সময় আৰু খৰচৰ ৰাহি হয়।

আনহাতে,সাধাৰণতে ১৫ বছৰৰ বাবে যান-বাহনৰ ওপৰত এককালীন পথ কৰ দিব লাগে যদিও বি এইচ ছিৰিজৰ বাহনত ২ বছৰৰ বাবেহে পথ কৰ আদায় দিয়াৰ ব্যৱস্থা আছে। 

বিশেষকৈ চাকৰি বা আন কাৰণত সঘনাই ৰাজ্য সলনি কৰা লোকৰ বাবে ই উপকাৰী। বি এইচ ছিৰিজৰ নম্বৰ প্লেটৰ সৈতে গাড়ীখন এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ স্থানান্তৰিত কৰিবলৈ কোনো ধৰণৰ এনঅচি(No Objection Certificate)ৰ প্ৰয়োজন নহয়। ইয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো সৰল হৈ পৰে আৰু সময় ৰাহি হয়।

ইয়াৰ লগতে বি এইচ নম্বৰ প্লেট থকা বাহনবোৰক অধিক নিৰাপদ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে,ইয়াত ট্ৰেকিং চিপ থাকে, যিয়ে বাহনখন চুৰি হ’লে ট্ৰেক কৰাত সহায় কৰে। ফলত বাহনৰ মালিক চিনাক্তকৰণ আৰু বাহনখন উদ্ধাৰ কৰাটো সহজ হৈ পৰে।

Transport car Ministry of Road Transport and Highways Transport Act bh number plate