জামুগুৰিহাটৰ আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা আৰ কে ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানত কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বাসুদেৱ থান নিৱাসী তথা কণ্ঠশিল্পী আকাশদ্বীপ বাৰুতিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা আৰ কে ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানত কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা।

উল্লেখযোগ্য যে, ২০২৪ চনৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবি 'ভূত জলকীয়া'ৰ ৰাজকোঁৱৰ শীৰ্ষক গীতটিৰ বাবে উদীয়মাণ কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান। প্ৰথমবাৰৰ বাবে চলচিত্ৰত গীত গায় বঁটা লাভ কৰি স্বাভাৱিকতে সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰে আকাশদ্বীপে।

আনহাতে পুত্ৰৰ এই সাফল্যত আনন্দত আত্মহাৰা হৈ পৰে তেওঁৰ পিতৃ-মাতৃ। উল্লেখ্য যে, ৬ এপিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা অনুষ্ঠানত সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আৰ কে ইউনিভাৰ্ছে ৰাজ্যৰ ২২ গৰাকী শিল্পীলৈ প্ৰদান কৰে নিপন গোস্বামী বঁটা।

jamugurihat