/asomiyapratidin/media/media_files/2025/07/30/new-ap-web-7-1-2025-07-30-12-34-12.jpg)
ডিজিটেল ডেস্কঃ নিবনুৱা ভাট্টা প্ৰদান কৰাক লৈ দেশৰ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰক বিৰোধীয়ে বহুদিনৰে পৰা দাবী উত্থাপন কৰি আহিছে। একাংশ বিৰোধী দলে এই ঘোষণাও কৰি থৈছে যে, তেওঁলোকে চৰকাৰ গঠন কৰিলে প্ৰদান কৰিব নিবনুৱা ভাট্টা। এনে ৰাজনৈতিক পৰিস্থিতি-পৰিৱেশৰ মাজতে শেহতীয়াকৈ এখন ৰাজ্যৰ চৰকাৰে নিবনুৱা ভাট্টা প্ৰদানৰ বাবে আৰম্ভ কৰিছে আবেদন পৰ্ব।
উক্ত ৰাজ্যখনৰ চৰকাৰে সিদ্ধান্ত লৈছে যে, নিবনুৱা যুৱক-যুৱতীসকলক মাহিলী প্ৰদান কৰা হ'ব ৪হাজাৰ পৰা ৪৫০০টকাকৈ। ইয়াৰ লগতে ভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব যাতে আগন্তুক সময়ত তেওঁলোকে সংস্থাপন লাভ কৰে। ৩মহীয়া এই বিনামূলীয়া প্ৰশিক্ষণত প্ৰতিদিনে ৪ঘন্টাকৈ উপস্থিত থাকিব লাগিব এই ভাট্টা গ্ৰহণ কৰা যুৱক-যুৱতীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজস্থান চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱাৰ সংখ্যালৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে। চৰকাৰে সদৰি কৰা অনুসৰি, যুৱতীসকলে প্ৰতিমাহে ৪৫০০টকা আৰু যুৱকসকলে মাহিলী লাভ কৰিব ৪০০০টকাৰ ভাট্টা।