/asomiyapratidin/media/media_files/2025/06/08/deExu0v0bFK4cqvWOwVi.jpg)
ডিজিটেল ডেস্কঃ আৰ চি বিৰ বিজয় উৎসৱ পালন কৰিবলৈ গৈ সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছতে বিৰাট কোহলীৰ লগতে দলটোৰ বহু সদস্য তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে বেংগালুৰুত এগৰাকী ব্যক্তিয়ে বিৰাট কোহলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি বাতৰি প্ৰকাশ হৈছিল। এই সন্দৰ্ভত শেহতীয়াকৈ আৰক্ষীয়ে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।
আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, বিৰাটৰ বিৰুদ্ধে কোনো গোচৰ কোনো ব্য়ক্তিয়ে ৰুজু কৰা নাই। অৱশ্যে বেংগালুৰুৰ কাৰ্বন গেট আৰক্ষী থানাত ভেংকেটেশ নামৰ এগৰাকী সমাজকৰ্মীয়ে এক গোচৰ ৰুজু কৰিছে। কিন্তু এই গোচৰ ব্যক্তিগতভাৱে বিৰাটৰ বিৰুদ্ধে নহয়। সমগ্ৰ আই পি এক জুৱা বুলি অভিহিত কৰিহে এই গোচৰ ৰুজু কৰিছে ব্যক্তি গৰাকীয়ে।
এই জুৱাত অংশ লোৱাৰ বাবে হাজাৰ হাজাৰ লোকক উচতনি দি প্ৰাণ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভেংকটেশে। আই পি এলে ক্ৰিকেটক বদনাম কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি গোচৰ ৰুজু কৰিছে সমাজকৰ্মী গৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, আৰ চি বিৰ বিজয় সমাৱেশত সংঘটি হোৱা এই ঘটনাৰ পাছতে বিৰাটক গ্ৰেপ্তাৰ কৰি লাগে বুলি সামাজিক মাধ্যমত টেণ্ডিঙৰ সৃষ্টি হৈছিল।