আই পি এল ট্ৰেজেদি! আৰক্ষীৰ সকীয়নিক কোনে আওকাণ কৰিছিল?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ হাতত আছে উক্ত চিঠিখন। ৰাজ্যৰ বিধায়িনী দল আৰু চিন্নাস্বামী ষ্টেডিয়ামত উদযাপনৰ অপব্যৱস্থাপনাক লৈ ৰাজ্য চৰকাৰে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে এই পত্ৰ পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
sss

ডিজিটেল ডেস্কঃ  চিন্নস্বামী ষ্টেডিয়ামত সংঘটিত পদপিষ্ট কাণ্ড সন্দৰ্ভত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ জয়ৰ উদযাপনৰ সময়ত হ'ব পৰা এই বিপুল জনসমাগম সন্দৰ্ভত পূৰ্বেই সকিয়াই প্ৰদান কৰিছিল আৰক্ষীয়ে।

Advertisment

কৰ্ণাটক বিধানসভাত নিয়োজিত আৰক্ষী বাহিনীয়ে কমপ্লেক্সটোত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ আই পি এল জয়ৰ আনন্দ উদযাপন নকৰিবলৈও সকীয়াই দিছিল। ৰাজ্যৰ বিধায়িনী দলৰ নিৰাপত্তা শাখাত কৰ্মচাৰীৰ অভাৱৰ বাবে উদ্ভৱ হোৱা নিৰাপত্তাজনিত প্ৰত্যাহ্বানক লৈও উদ্বেগ প্ৰকাশ কৰেিছে। 

লক্ষ্যণীয় যে, আৰচিবিয়ে আইপিএলৰ প্ৰথম খিতাপ দখল কৰাৰ পিছত ৪ জুনত কৰ্মী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগলৈ লিখা এখন পত্ৰত বিধানসভাৰ উপ-আয়ুক্ত (ডিচিপি) এমএন কৰিবাসৱন গৌড়াই সভাস্থলীলৈ অহা লাখ লাখ ক্ৰিকেট অনুৰাগীৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তাৰ প্ৰস্তুতিৰ বাবে সময়ৰ অভাৱৰ কথা আঙুলিয়াই দিছিল। বিধানসভাৰ আশে-পাশে আৰু সন্মুখত চিচিটিভি কেমেৰাৰ অভাৱৰ কথাও তেওঁ আঙুলিয়াই দিছিল। 

প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ হাতত আছে উক্ত চিঠিখন। ৰাজ্যৰ বিধায়িনী দল আৰু চিন্নাস্বামী ষ্টেডিয়ামত উদযাপনৰ অপব্যৱস্থাপনাক লৈ ৰাজ্য চৰকাৰে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে এই পত্ৰ পোহৰলৈ আহিছে।

ৰাজ্য চৰকাৰলৈ লিখা পত্ৰখনত ডিচিপিয়ে কয় যে, তেওঁ নিৰাপত্তা নিৰীক্ষণ কৰিবলৈ বাহিৰৰ পৰা অতিৰিক্ত আৰক্ষী কৰ্মীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ বাবে প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময়ৰ প্ৰয়োজন হ’ব বুলিও উল্লেখ কৰিছিল। তেওঁ কয় যে ইমান বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ বাবে আইন-শৃংখলা আৰু যান-বাহন আৰক্ষী বিভাগৰ সৈতে সমন্বয় অতি প্ৰয়োজনীয়।

বৰ্তমানৰ সময়সীমা সম্পূৰ্ণ প্ৰস্তুতিৰ বাবে অপৰ্যাপ্ত যেন লাগে বুলি পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল। পত্ৰখনত জনসাধাৰণে ড্ৰ’ন কেমেৰা ব্যৱহাৰ কৰাৰ সম্ভাৱনাকো উল্লেখ কৰা হৈছে আৰু সভাস্থলীত এণ্টি ড্ৰ’ন ব্যৱস্থা স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে। 

 লগতে উল্লেখ কৰে যে, এই কাৰ্যসূচী অহা ০৪.০৬.২০২৫ তাৰিখে সন্ধিয়া ৪:০০ বজাত অনুষ্ঠিত হ’ব। সচিবালয়ৰ বিষয়া / কৰ্মচাৰীয়ে নিজৰ পৰিয়ালৰ সদস্যক সভাস্থলীলৈ অনাৰ সম্ভাৱনা অতিশয় বেছি। সেয়েহে কর্মচাৰীসকলে পৰিয়াল অনাত বাধাৰ বাবে আদেশ জাৰি কৰি সেইদিনা সচিবালয়ৰ কর্মচাৰী সকলৰ বাবে বিয়লি বন্ধ ঘোষণা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷ ইয়াৰ উপৰিও তেওঁলোকক সভাস্থলীত উপস্থিত নহ’বলৈও নিৰ্দেশ দিব লাগে বুলি উল্লেখ কৰিছিল।

লক্ষ্যণীয় যে, পত্ৰত খেলুৱৈসকলক সন্মান জনাই নিৰ্মাণ হ’বলগীয়া মঞ্চৰ গাঁথনিৰ স্থিৰতা পি ডব্লিউ ডিৰ দ্বাৰা প্ৰমাণিত হ’ব লাগে বুলিও বিষয়া গৰাকীয়ে লিখিছিল। ইয়াৰ পাছতো চিঠিখনক গুৰুত্ব 

উল্লেখ্য যে,উক্ত ঘটনাত ১৪ বছৰীয়া কিশোৰীসহ ১১ জন লোকৰ মৃত্যু হয়। এই গোচৰত এতিয়ালৈকে আৰচিবিৰ মাৰ্কেটিং হেডকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

আৰ চি বি