/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b091e7d3-2262-4e22-93ef-d8fa1e5f8f8c/gambling_28.jpg)
cricket gambling
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ জ্বৰত সমগ্ৰ ক্ৰিকেট বিশ্ব আক্ৰান্ত হৈ থকাৰ সমান্তৰালকৈ বিভিন্ন ৰাষ্ট্ৰত ক্ৰিকেট জুৱাও সক্ৰিয় হৈ পৰিছে। বিশ্বকাপখনৰ প্ৰতিখন মেচক কেন্দ্ৰ কৰি গঢ়লৈ উঠা এই ক্ৰিকেট জুৱা ভয়ংকৰ ৰূপত চানি ধৰিছে ভাৰতৰো বিভিন্ন প্ৰান্তত।
এনে এক ক্ৰিকেট জুৱাৰীৰ বৃহৎ চক্ৰক উৎসাত কৰিবলৈ সক্ষম হৈছে বেংগালুৰু আৰক্ষী। বেংগালুৰু আৰক্ষীয়ে মুঠ ১৮ টাকৈ জুৱাৰাকী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।
এই জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে কেইবা লাখ টকা জব্দ কৰাৰ লগতে ১৭ টাকৈ মোবাইল ফোনো জব্দ কৰিছে। বেংগালুৰুৰ পশ্চিম মণ্ডল আৰক্ষীয়ে এই সফলতা লাভ কৰিছে।