/asomiyapratidin/media/media_files/2025/06/12/5XNKg4oGLEGwF8CcpzYX.jpg)
ডিজিটেল ডেস্কঃ পত্নীক পৰপুৰুষৰ সৈতে দেখা পাই সহ্য কৰিব নোৱাৰিলে স্বামীয়ে। দিনৰ পত্নীক আনৰ সৈতে দেখা পাই মাজনিশা পত্নীৰ ডিঙি কাটি চিণ্ডমুণ্ড লৈ স্বামী উপস্থিত হয় থানাত। শেহতীয়াকৈ সংঘটিত হোৱা এই ভয়ংকৰ কাণ্ডই জোকাৰি হৈছে সমগ্ৰ দেশক।
ঘটনাতো সংঘটিত হৈছে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত। ২৮বছৰীয়া শংকৰে ২৬বছৰীয়া পত্নী মনসাক অতি নৃশংসতাৰে হত্যা কৰিছিল। স্বামীয়ে থানাত দিয়া জবানবন্দীত উল্লেক কৰিছে যে, এটি সন্তানৰ মাতৃ হোৱাৰ পিছতো অইন পুৰুষৰ সৈতে সম্বন্ধ ৰখাৰ বাবেই এই সিদ্ধান্ত তেও গ্ৰহণ কৰিলে।
অত্যাধিক ঘৰুৱা অশান্তি সহ্য কৰি নোৱাৰি শংকৰে অৱশেষত এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে আৰক্ষীক। আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে।