চিৰাং দুৱাৰ সমষ্টিত দহ হাজাৰৰো অধিক লোকৰ উপস্থিতিত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলন

চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ শান্তিপুৰ হাইস্কুল খেল পথাৰত প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতিত বিটিচি প্ৰশাসনৰ হিতাধিকাৰী সন্মিলন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
চিৰাং দুৱাৰ সমষ্টিত দহ হাজাৰৰো অধিক লোকৰ উপস্থিতিত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলন

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ শান্তিপুৰ হাইস্কুল খেল পথাৰত প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতিত বিটিচি প্ৰশাসনৰ হিতাধিকাৰী সন্মিলন অনুষ্ঠিত হয়। বিটিচি প্ৰশাসনৰ বিভিন্ন শিতানৰ আচঁনিৰ হিতাধিকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই হিতাধিকাৰী সন্মিলন সঞ্চালনা কৰে চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভাই। 

Advertisment

আজিৰ এই হিতাধিকাৰী সন্মিলন সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী,  কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰব্ৰহ্ম, পাৰিষদ মাধৱ চেত্ৰী, বি টি চিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্ম, চিদলী উন্নয়ন খণ্ড বিষয়া নিৰঞ্জয় মুছাহাৰীসহ বহু বিষয়া।

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে নিজৰ ভাষণত কয় যে, দীৰ্ঘদিনৰ অন্তত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰৰ পৰিষদীয় চৰকাৰ গঠন হোৱাৰ পিছত বি টি আৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠিছে। যোৱা ৫ বছৰত আমি দ্ৰুতগতিত উন্নয়ণৰ কাম কৰিবলৈ সক্ষম হৈছো। 

বিটিআৰ চৰকাৰে আয়োজন কৰা এই হিতাধিকাৰী সন্মিলনৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে চৰকাৰ,  প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ মাজত যোগসূত্ৰ স্থাপন হৈছে আৰু মুকলি মনেৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি বি টি আৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে নিজৰ সমষ্টিত অনুষ্ঠিত এই হিতাধিকাৰী সন্মিলনত উপস্থিত হোৱা প্ৰতিগৰাকী হিতাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰে। 

তেওঁ ভাষণত কয় যে, আপোনালোকে প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে মোক জয়ী কৰাই আপোনালোকৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিল যাৰ বাবে সেৱা কৰাৰ সুবিধা পাইছিলো। যিহেতু বিটিচি নিৰ্বাচন সমাগত সেয়ে আপোনালোকে পূৰ্বৰ দৰে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছো।

বৰ্তমান সময়ত বিটিআৰত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ কাৰণেই সকলো ৰাজনৈতিক দলে ইয়াত প্ৰতিদ্বন্দিতা কৰাৰ বাবে আগবাঢ়ি আহিছে। গতিকে আমি এইবাৰ বি টি চিৰ ৪০ টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিম। তেওঁ অহা নিৰ্বাচনত বি টি চিত ৩২ খন আসন লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে। 

একে দৰে খাম্পা বৰগয়াৰীয়ে কয় ওদালগুৰিত বি পি এফৰ সমৰ্থকে ইউ পি পি এল নেতা কৰ্মীক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰিছে। একাংশ ৰাজনৈতিক দলে সদায় বিটিচি অশান্ত কৰি ৰাখিব বিচাৰি আছে গতিকে ৰাইজে এই সমূহ বিচাৰ কৰি আগবাঢ়িব বুলি আশা কৰে।

আগন্তুক বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু বিপিএফ দল এৰি ইউপিপিএল দলত যোগদান কৰা চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰী এতিয়া ইউপিপিএল দলতে এলাগী বুলি হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰা সন্দৰ্ভত খাম্ফা বৰগয়াৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰথমবাৰৰ বাবে উন্নয়নৰ বাট মুকলি কৰিছিলো। 

গতিকে এই সমষ্টিত হাগ্ৰামা বা আন কোনো ডাঙৰ নেতা যদি প্ৰতিদ্বন্দিতা কৰিব আহে সেয়া তেঁওলোকৰ ডাঙৰ ভুল হ'ব কাৰণ ইয়াৰ জনতাই বেলেগ কোনো নেতাক চিনি নাপায়। খাম্পা বৰগয়াৰীয়ে লগতে কয় মই এতিয়া বি টি আৰ চৰকাৰৰ উপদেষ্টা আৰু সেয়ে প্ৰমোদ বড়োৰ সমানে সমানে সকলো কাৰ্যসূচিত অংশগ্ৰহণ কৰি আছো। 

তেওঁ কয়, যদি কোনোবাই ভাৱে মই গুৰুত্বহীন সেয়া পিছত দেখা যাব। নিৰ্বাচনত সেয়া স্পষ্ট হ'ব কোন হিৰ’ কোন জিৰ’।একালৰ সতীৰ্থ হাগ্ৰামা মহিলাৰী মোৰ বিৰুদ্ধে নিৰ্বাচনত অবতীৰ্ণ হ'লে বেয়া নহ'ব বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে। 

বি টি আৰ চিৰাং ইউ পি পি এল