/asomiyapratidin/media/media_files/2025/05/15/xk1C0MfSNcrA3pzdypj7.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি বেলতলা বজাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গাৰ্ডৱাল খহি পৰা ফলত এগৰাকী মহিলা নিহত হোৱা লগতে গুৰুতৰভাৱে আহত হয় ৩ গৰাকীকৈ লোক। মুহূৰ্ততে বেলতলা সাপ্তাহিক বজাৰত হুৱাদুৱা লাগে।
স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত আহত লোক সকলক ততাতৈয়াকৈ জয়ানগৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে ঘটনাত প্ৰথমে আহত হোৱা অঞ্জু ৰংপিক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
পৰৱৰ্তী সময়ত অঞ্জু ৰংপি নামৰ মহিলাগৰকীৰ মৃত্যু হয়। ঘটনাত আহত হোৱা লোক সকল ক্ৰমে মুক্তাৰ দেউৰী, লাইফান বড়ো, ভগীলা ৰাজবংশী বুলি জানিব পৰা গৈছে।