চতুৰ্থ টেষ্টৰ পূৰ্বে চিন্তাত গুৰু গৌতম গম্ভীৰ- অধিনায়ক শুভমন গীল

সুযোগৰ সদ্ব্যৱহাৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৰুণ নায়াৰ। গতিকে চতুৰ্থ মেচত নায়াৰ বাদ পৰাটো একপ্ৰকাশ নিশ্চিত। তেওঁৰ স্থানত সাই সুদৰ্শনক অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গম্ভীৰৰো পচন্দৰ খেলুৱৈ সুদৰ্শন। 

author-image
Asomiya Pratidin
New Update
431

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত বৰ্তমান ২-১ৰ ব্যৱধানত পিছ পৰি আছে। পাঁচখনীয়া টেষ্ট শৃংখলাৰ হৈ যোৱা ৩খন মেচৰ মাত্ৰ ১খনতহে জয়ী হৈছে ভাৰত। বিপৰীতে ঘৰুৱা দল ইংলেণ্ডে দুখন মেচত বিজয় সাৱ্যস্ত কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিছে। 

Advertisment

এতিয়া বাকী আছে দুখন মেচ। ইয়াৰে চতুৰ্থখন মেচত যদিহে ইংলেণ্ড জয়ী হয়, তেন্তে শৃংখলা ঘৰুৱা দলটোৱে লাভ কৰিব। তাৰ পৰৱৰ্তী মেচ তথা পঞ্চম সংখ্যক মেচ হৈ পৰিব নামমাত্ৰ। 

এনে পৰিস্থিতিত গভীৰ চিন্তাত পৰিছে আলহী দল টীম ইণ্ডিয়াৰ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক শুভমন গীল। যিকোনো প্ৰকাৰে চতুৰ্থ মেচত জয়ী হৈ সমতা স্থাপন কৰাই হৈছে এতিয়া মূল লক্ষ্য। 

তাৰ পাছতে অন্তিমখন মেচত জয়ী হৈ শৃংখলা দখল কৰিব বিচাৰে টীম ইণ্ডিয়াই। কিন্তু এতিয়া লক্ষ্যণীয়ভাৱে চতুৰ্থ মেচ তথা টীম ইণ্ডিয়াৰ বাবে ছেমিফাইনেল সদৃশ মেচখনৰ পূৰ্বে চিন্তাত পৰিছে প্ৰশিক্ষক আৰু অধিনায়ক। কিয়নো চতুৰ্থখন মেচত অভিজ্ঞ তথা মূল অস্ত্ৰ যশপ্ৰীত বুমৰাহে খেলাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। 

উল্লেখ্য যে, শৃংখলাৰ পূৰ্বেই বুমৰাহে ব’ৰ্ডক জনাইছিল যে, তেওঁ ৩খন মেচহে খেলিব। ইতিমধ্যে বুমৰাহে প্ৰথমখন খেলি দ্বিতীয়খনত লৈছিল বিশ্ৰাম। তৃতীয়খন পুনৰ দলত যোগ দিছিল বুমৰাহে। বুমৰাহে যদি এখন এৰি এখন খেলা সূত্ৰত অটল থাকে তেন্তে চতুৰ্থখন মেচত বুমৰাহে খেলাৰ সম্ভাৱনা নাই। সেয়ে বুমৰাহৰ এনে স্থিতিয়ে অধিক চিন্তিত কৰি তুলিছে গুৰু গম্ভীৰ আৰু গীলক।

আনহাতে বুমৰাহৰ অনুপস্থিতিয়ে হয়তো ভাগ্যৰ দুৱাৰ খুলিব পাৰে বাঁওহতীয়া পেচাৰ অৰ্শদীপ সিঙৰ ! তেতিয়া চিৰাজৰ সংগী হ’ব পাৰিব অৰ্শদীপ। ইফালে সুদীৰ্ঘ ৮ বছৰৰ মূৰত জাতীয় দলত স্থান লাভ কৰা কৰুণ নায়াৰৰ কাহিনী হৈ পৰিছে কৰুণ। ব্যৰ্থতাৰ পাছতো তিনিওখন মেচ খেলাৰ সুযোগ পোৱা নায়াৰে দেখুৱাব পৰা নাই আশাব্যঞ্জক প্ৰদৰ্শন। 

সুযোগৰ সদ্ব্যৱহাৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৰুণ নায়াৰ। গতিকে চতুৰ্থ মেচত নায়াৰ বাদ পৰাটো একপ্ৰকাশ নিশ্চিত। তেওঁৰ স্থানত সাই সুদৰ্শনক অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গম্ভীৰৰো পচন্দৰ খেলুৱৈ সুদৰ্শন। 

কাৰ্যতঃ যদি সেয়াই হয়, তেন্তে কৰুণ নায়াৰ কেৰিয়াৰ এক প্ৰকাশ যৱনিকা পৰাটো নিশ্চিত। এতিয়া পশ্চিম আকাশত ডুব যোৱা বেলিৰ দৰে হৈ কৰুণ নায়াৰৰ কেৰিয়াৰৰ ভৱিষ্যত।

ind vs eng test ind vs eng