জাগীৰোডত বীৰ লাচিত সেনাৰ প্ৰতিবাদ


জাগীৰোডত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
জাগীৰোডত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,জাগীৰোডঃ জাগীৰোডত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। বীৰ লাচিত সেনা অসম জাগীৰোড আঞ্চলিক সমিতিৰ সভাপতি অৰূপ বৰা আৰু সম্পাদক চুমীত আমফি নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী।

জাগীৰোড -মৰিগাঁও সংযোগী পথৰ ৰেল লাইন ওপৰত অৰ্ধ নিৰ্মিত উৰণীয়া সেঁতুখন অচিৰেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী পিযুষ হাজৰিকাৰ সমষ্টিত এনেকুৱা পয়া লগা উন্নয়নত সাধাৰণ ৰাইজ আনকি জাগী ভকতগাওঁ কপিলী নৈৰ ওপৰত থকা দলং খনতো দৈনন্দিন ৰাজ পথত চলাচল কৰাত অসুবিধা সম্মুখীন হোৱাত মন্ত্ৰী গৰাকীক তীব্ৰ সমলোচনা কৰে ।

বৰ্তমান ৰেল পথৰ দুয়ো কাষে অধিক যান- জঁট হোৱাৰ লগতে বিভিন্ন দুৰ্ঘটনা সংঘটিত হয় । জিলা প্ৰশাসনক বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া পিছতো ৰাতিপুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ গধুৰ যান বাহনসমূহ প্ৰৱেশত নিষিদ্ধ নকৰাত ক্ষোভ প্ৰকাশ কৰি অচিৰেই নিষিদ্ধ কৰা দাবী জনায় অন্যথা সংগঠনটোৰ নেতৃত্বত সাধাৰণ ৰাইজৰ সহযোগত নিষিদ্ধ ঘোষণা কৰিব বুলিও জিলা সমিতিৰ সম্পাদক দ্বীপমনী হীৰাই সংবাদ মাধ্যমত তীব্ৰ সমালোচনা কৰে ।

উক্ত কাৰ্য্যসূচীত জিলা সাংগঠনিক সম্পাদক হেমন্ত দাস । কাৰ্যকৰী সদস্য প্ৰমোদ হীৰা, দিগন্ত দাস, বিকাশ ডেকা, উৎপল ওঝা লগতে অৰ্ধ শতাধিক সদস্যও উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in