/asomiyapratidin/media/media_files/2025/08/02/beehali-2-2025-08-02-18-34-21.jpg)
ডিজিটেল সংবাদ বিহালীঃ বিহালীৰ ৰাংছালীত বনৰীয়া হাতীৰ সন্ত্ৰাস৷ শুকুৰবাৰে নিশা প্ৰায় ২ বজাত কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই অহা প্ৰায় ৩০-৪০টা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰে।
হাতীৰ জাকটোৱে বিহালী শিক্ষাখণ্ডৰ ৰাংছালীস্থিত কাছকটা প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল ভাঙি প্ৰায় ২৫০ কেজি মধ্যাহ্ন ভোজন চাউল খাই নষ্ট কৰাৰ লগতে বিদ্যালয়খনৰ ডেস্ক, বেঞ্চ ভাঙি, কিতাপ-পত্ৰ ইত্যাদি লণ্ড-ভণ্ড কৰি উধাও হয়৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মূলতঃ বিহালীত বন বিভাগৰ গাফিলতিৰ বাবেই সঘনে অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।অভিযোগ মতে বিহালীৰ বৰগাং বনাঞ্চলিক বিষয়াগৰাকীৰ মোবাইল চুইছ অফ থাকে৷ বন্যহস্তীৰ এনে উপদ্ৰৱৰ বেলিকা বৰগাং বনাঞ্চলিক বিষয়াগৰাকীক ফোন কৰিলেও ফোন নধৰাৰ অভিযোগ আছে৷