/asomiyapratidin/media/media_files/2025/08/06/beehali-6-2025-08-06-20-48-36.jpg)
ডিজিটেল সংবাদ বিহালীঃ বিহালীত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি সমগ্ৰ শিক্ষক বৃত্তিটোক কলংকিত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্যমতে, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বটীয়ামাৰীৰ পবিত্ৰাদেৱী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চাজিন কন্দ নামৰ শিক্ষকজনে নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক দীৰ্ঘদিনৰে পৰা যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷
অভিযোগ অনুসৰি প্ৰধান শিক্ষকজনৰ নিৰ্যাতনৰ সন্নুখীন হৈ গ্ৰীষ্মকালিন বন্ধ সামৰণি পৰাৰ পিছতো বিদ্যালয়লৈ পাঠ গ্ৰহণ কৰিৱলৈ যোৱা নাই ছাত্ৰীগৰাকী৷ বিদ্যালয় মুকলি হোৱাৰ পিছত কণমানি শিক্ষাৰ্থীগৰাকী বিদ্যালয়লৈ নোযোৱাত অভিভাৱকে বিষয়টো সোধপোছ কৰাত শিক্ষাৰ্থীগৰাকীয়ে প্ৰধান শিক্ষক চাজিন কন্দই চলোৱা শিহৰণকাৰী যৌন নিৰ্যাতন কাণ্ডৰ সমস্ত ঘটনাৰ বিৱৰণি ডাঙি ধৰে৷
কণমানি শিক্ষাৰ্থীগৰাকীয়ে অভিভাৱকক জনোৱামতে প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ত পাঠদান কৰাৰ সময়তো কণমানি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলায়৷তদুপৰি ছাত্ৰীগৰাকীক বিশেষভাৱে পঢ়োৱাৰ অজুহাতৰে নিজৰ কোঠালৈ নি মৰম কৰাৰ আলম লৈ যৌন নিৰ্যাতন চলাইছিল৷
কণমানি ছাত্ৰীগৰাকীৰ মুখৰে শিক্ষক চাদিন কন্দৰৰ সমস্ত কাণ্ড অৱগত হোৱাৰ পিছত অভিভাৱকে বিহালী আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰে৷ বিহালী আৰক্ষীয়ে সেই এজাহাৰ লাভৰ পিছতে যৌন নিৰ্যাতনৰ অভিযোগেৰে অভিযুক্তি প্ৰাধান শিক্ষক চাজিন কন্দৰ বিৰূদ্ধে 78/25U/S74/75(2)BNS, R/W SEX 10 OF POSCO ACT, R/W SEC 75 OF JJ ACT ৰ অধীনত গোচৰ ৰুজু কৰে৷
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল- দেশৰ ভৱিষ্যতৰ মানৱ সম্পদ গঢ়াৰ নামত প্ৰতিমাহে হাজাৰ হাজাৰ টকাৰ বেতন লৈ অহা প্ৰধান শিক্ষক চাদিন কন্দুৰ এই যৌন নিৰ্যাতনকাণ্ড পোহৰলৈ অহাৰ তথ্য ফাদিল হোৱাৰ লগে লগে চাকৰি আৰু নাক বচোৱাৰ লক্ষ্যৰে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ক্ষমা ভীক্ষা বিচাৰি পৰিত্ৰান বিচাৰি উপস্থিত হৈছিল৷
নিৰ্যাতিতা ছাত্ৰীগৰাৰীৰ অভিভাৱকে যৌন নিৰ্যাতনকাৰী শিক্ষকক নিজা বাসগৃহত উপস্থিত হোৱাৰ তথ্য বিহালী আৰক্ষীক অৱগত কৰাত আৰক্ষী দলে শিক্ষক চাজিন কন্দুক গ্ৰেপ্তাৰ কৰে৷ আনহাতে চাঞ্চল্যকৰ বিষয়টো হ'ল- আজি এগৰাৰী ছাত্ৰীয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষকগৰাকীৰ যৌন নিৰ্যাতনৰ তথ্য সৎ সাহসৰে ফাদিল কৰাৰ পিছত বিহালী আৰক্ষী থানাত বিদ্যালয়খনৰ আন ৪ গৰাকী ছাত্ৰীকো অনুৰূপ ধৰণে যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷
উল্লেখ্য যে পবিত্ৰা দেৱী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চাজিন কন্দৰ হ'ল বিহালীৰ বাঘমাৰীৰ নিবাসী৷