/asomiyapratidin/media/media_files/2025/07/01/1-2025-07-01-22-28-04.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে কাছাৰ জিলাতো নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। জিলা খনৰ বৰখলা, লক্ষীপুৰ, উদাৰবন্দ, শিলচৰ, ধলাই,কাটিগৰা সমষ্টিৰ ক্ৰমে বৰযাত্ৰাপুৰ আৰু বাচকান্দি সহ ৬ খন হোটেলত গো মাংসৰ বিৰুদ্ধে অভিযান চলাই সংশ্লিষ্ট এলেকাৰ আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/01/whatsapp-image-202-2025-07-01-22-37-56.jpeg)
অভিযান কালত প্ৰায় ২৪ কেজি গো মাংস জব্দ কৰাৰ লগতে গো মাংস বিক্ৰী আৰু মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে । দণ্ডাধীশ আৰু পশুপালন বিভাগৰ বিষয়াক লগত লৈ আৰক্ষীয়ে গো মাংসৰ বিৰুদ্ধে অভিযান চলাইছিল বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/01/whatsapp-image-202-2025-07-01-22-38-11.jpeg)
উল্লেখ্য যে, আছাম কেটল প্ৰিজাৰভিছন এক্ট ২০২১ আৰু এমেনমেন্ট ২০২২ আইনৰ অধীনত অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ভৱিষ্যতেও গো মাংসৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us