ঢকুৱাখনাৰ বৰ্ষীয়ান মহিলা বেদৱতী গগৈ আৰু নাই

ঢকুৱাখনা নগৰৰ এগৰাকী বৰ্ষীয়ান বিদুষী মহিলা,ঢকুৱাখনা উন্নয়নখণ্ডৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শীকা তথা বালিগাঁও নিবাসী বেদৱতী গগৈৰ দেওবাৰে বিয়লি প্ৰায় ৫-২০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ।

author-image
Asomiya Pratidin
New Update
yhtdfuj

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ এগৰাকী বৰ্ষীয়ান বিদুষী মহিলা,ঢকুৱাখনা উন্নয়নখণ্ডৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শীকা তথা বালিগাঁও নিবাসী বেদৱতী গগৈৰ দেওবাৰে বিয়লি প্ৰায় ৫-২০ বজাত পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত ঢকুৱাখনা নগৰৰ চৰকাৰী বাছ আস্থানৰ সমীপৰ নিজা বাসগৃহত শৰ্য্যাসায়ী হৈ থকা গগৈৰ দেওবাৰে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে ।

Advertisment

মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ প্ৰবীণ নাগৰিক গগৈৰ বয়স হৈছিল প্ৰায় ৮১ বছৰ ।  ১৯৪৫ চনৰ ১ মে'ত জন্ম গ্ৰহণ কৰা প্ৰয়াত গগৈ ভাৰতীয় জনতা পাৰ্টিৰ বৃহত্তৰ ঢকুৱাখনাৰ প্ৰধানতম গুৰিধৰোতা তথা ঢকুৱাখনাত দলটোৰ সাংগঠনিক  প্ৰাণ প্ৰতিষ্ঠাপক , ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত গ্ৰন্থ বিক্ৰেতা মেচাৰ্ছ গগৈ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী প্ৰয়াত জগত চন্দ্ৰ গগৈৰ সহধৰ্মিনী আছিল।

ঢকুৱাখনা উন্নয়ন খণ্ডৰ এগৰাকী নীতিনিষ্ঠ "চুপাৰভাইজাৰ" হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা সৰলমনা গগৈয়ে মৃত্যুৰ সময়ত জ্যেষ্ঠ পুত্ৰ ,টাই আহোম  উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ (অৰূপ)গগৈ , কনিষ্ঠ পুত্ৰ জ্যোতি প্ৰসাদ (সীমান্ত) গগৈ , জ্যেষ্ঠ কন্যা মমী গগৈকে ধৰি অজস্ৰ ইষ্ট কুটুম্ব, গুণগ্ৰাহীক ইহ সংসাৰত এৰি থৈ গৈছে । ধৰ্মপ্ৰাণ গগৈৰ বিয়োগত টাই আহোম উন্নয়ন পৰিষদ,  সদৌ টাই আহোম ছাত্ৰ সন্থা , টাই সাংস্কৃতিক গৱেষণা ও  বিকাশ কেন্দ্ৰ,ঢকুৱাখনা,  ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত ছত্রধৰা, ৩১ নং  কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ প্ৰধান শিক্ষক ভাস্কৰ দাস আদি বিভিন্ন সংগঠন আৰু ব্যক্তি সমাজে গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে । লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ঢকুৱাখনা