মৰণত শৰণ দি জীৱন নিৰ্বাহ কৰিছে কালিয়নী নৈপৰীয়া ৰাইজ

মৰণত শৰণ দি জীৱন নিৰ্বাহ কৰিছে কালিয়নী নৈপৰীয়া ৰাইজ

ডিজিটেল সংবাদ, নুমলীগড়ঃ এখন তুলুঙা নাৱেৰে মৰণত শৰণ দি ইপাৰ-সিপাৰ হয় "কালিয়নী নৈ"ৰ ওপৰেৰে প্ৰায় বহুকেইখন গাঁৱৰ ৰাইজৰ। এই দুৰৱস্থা গোলাঘাট জিলাৰ মৰঙীৰ ৰংবং ঘাটৰ। গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ ৰাইজৰ যাতায়তৰ দুৰৱস্থাই বিপাঙত পেলাইছে স্থানীয় ৰাইজক।

এই কালিয়নী নৈৰ ওপৰেৰে যাতায়ত কৰে বহুকেইখন গাঁৱৰ ৰাইজে। চিকিৎসা, বজাৰ-হাট, বিদ্যালয়লৈ যোৱা আদি বিভিন্ন কামত কালিয়নী ওপৰেৰে যাতায়ত কৰিবলগীয়া হয় গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ এইসকল ৰাইজে। বিগত বছৰ বছৰ ধৰি এনেদৰেই এখন তুলুঙা নাৱেৰে যাতায়ত কৰি আহিছে এই সকল ৰাইজে।

নিৰ্বাচনৰ সময়ত জনপ্রতিনিধি সকল আহি প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু সকলো যেন ফুটুকাৰ ফেন। নিৰ্বাচন আহিল নিৰ্বাচন গ'ল । কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। আজি পৰ্যন্ত ৰংবংঘাটত কালিয়নী নৈৰ ওপৰেৰে যাতায়তৰ বাবে এখন দলং নিৰ্মাণ নহ'ল।আহ্বান ৰংবংঘাটৰ কালীয়নী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি যাতায়তৰ দুৰ্ভোগৰ পৰা মুক্তি দিবলৈ চৰকাৰৰ ওচৰত ৰাইজো আহ্বান জনায়।

মৰণত শৰণ দি জীৱন নিৰ্বাহ কৰিছে কালিয়নী নৈপৰীয়া ৰাইজ
কাছাৰত ফাদিল হোৱা নাই প্ৰশ্নকাকতঃ ডাঃ ৰণোজ পেগু
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in