বেবেজীয়া চাৰিআলিত মহাতাৰকা নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি...

চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
বেবেজীয়া চাৰিআলিত মহাতাৰকা নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি...

নিপন গোস্বমী-নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ,বেবেজীয়াঃ অসমীয়া চলচ্চিত্ৰ জগতৰ মহাতাৰকা নিপন গোস্বামীৰ মৃত্যুত গভীৰ প্ৰকাশ বেবেজীয়াবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মহাতাৰকাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

এই উদ্দেশ্যে শুকুৰবাৰে সন্ধিয়া বেবেজীয়া চাৰিআলিত মহীৰূহ নিপন গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, বন্তি প্ৰজ্বলনেৰে অভিনেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় ৰাইজে।

উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুদা, কেইবাগৰাকী বিশিষ্ট ব্যক্তি, স্থানীয় ব্যৱসায়ী ছাত্ৰ, সাধাৰণ নাগৰিকৰ লগতে,স্থানীয় যুৱকে অংশগ্ৰহণ কৰে।

assam bebejiya nipon goswami neel pawan baruah