
ডিজিটেল সংবাদ, বেবেজীয়াঃ "মৌলিক পৰিৱেশ অধ্যয়ন কৰাটো বৰ্তমান অতি গুৰুত্বপূৰ্ণ । কাৰণ মৌলিক পৰিৱেশেহে আমাক শিপাৰ সৈতে সংপৃক্ত কৰে । ইয়াৰ জৰিয়তে আমি অতীত আৱিষ্কাৰ কৰি বৰ্তমানক জানিব পাৰোঁ ।" এই মন্তব্য বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ ।
নগাঁও জিলাৰ বেবেজীয়াৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৱাগত আদৰণি আৰু সাংস্কৃতিক অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে "জলছবিত শেষ সাঁজ"ৰ স্ৰষ্টা গৰাকীয়ে । ইপিনে আন এক প্ৰসংগত মুনীন বৰকটকী বঁটা প্ৰাপক গৰাকীয়ে কয় যে, সমাজ সংস্কাৰ কৰিবলৈ হ'লে নিজেই সংস্কৃত হ'ব লাগিব । তেতিয়াহে আমি উত্তৰণৰ বাট দেখিম ।
বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই সঞ্চালনা কৰা আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰঞ্জন হাজৰিকাই আঁত ধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকা । সভাত সমাজ কৰ্মী প্ৰদীপ বৰদলৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অধিবক্তা দণ্ডধৰ হাজৰিকা, আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা আৰু জ্যোতিপ্ৰসাদ বৰাও উপস্থিত থাকে ।
উল্লেখ্য যে, প্ৰথমটো দিনৰ কাৰ্যসূচী পতাকা উত্তোলনৰে শুভাৰম্ভ হোৱাৰ পিছতে বিদ্যালয়ৰ চৌহদৰ পৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে শুভাৰম্ভ কৰা এই শোভাযাত্ৰাত অসমীয়া লোক কলা-কৃষ্টি আৰু পথাৰ সংস্কৃতিৰ বৰ্ণিল ৰূপ উদ্ভাসিত হৈ উঠে ।
বিদ্যালয়ৰ ন-পুৰণি ছাত্ৰী আৰু শিক্ষকে অংশলোৱা এই নান্দনিক শোভাযাত্ৰাই সমগ্ৰ বেবেজীয়া অঞ্চলত পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে । ইফালে বিয়লি বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া সাজ-পাৰত অনুষ্ঠিত হয় মিছ বি. এইচ. গাৰ্লচ প্ৰতিযোগিতা ।
আনহাতে সভাৰ উদ্যোক্তাই জনোৱা অনুসৰি, ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানৰ অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি ৩ বজাৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰিব বিদ্যালয়ৰ ছাত্ৰীসকলে ।