/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/68435f68-f664-452c-9e97-e09c8d5063b9/harinaam.jpeg)
Harinaam
ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বিৰহ বেবেজীয়াস্থিত শ্ৰীশ্ৰী নৃসিংহ হৰিমন্দিৰত শনিবাৰৰ পৰা আৰম্ভ হোবা ভাগৱত পাঠৰ লগতে হৰিনামৰ ধ্বনিৰে মুৰখিত হ’ল সমগ্ৰ নামঘৰ প্ৰাংগণ ৷
আজি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী কোষেশ্বৰ হাজৰিকাই ৷ বন্তি প্ৰজ্বালন কৰে সমাজকৰ্মী চন্দ্ৰ বৰাই ৷ তাৰ পাছতে উষা কীৰ্তন হোৱাৰ পাছত ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয় ৷ ভাগৱত শোভাযাত্ৰাত দিহানাম,আইনামকে ধৰি খোলতালৰ শব্দত সমগ্ৰ বিৰহ বেবেজীয়া অঞ্চলত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰাৰ লগতে এক উৎসৱ মুখৰ হৈ পৰে ৷ কাইলৈ বিয়লি ভাগৱত পাঠ অনুষ্ঠানৰে অনুষ্ঠানৰ সামৰণি পৰিব।