/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ন-মাটিত দেওবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত এজন ব্যক্তিয়ে পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি ল'ব লগা ঘটনাই সমগ্ৰ হাতীচোং মেধিচুক অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷
জানিব পৰা মতে,ন-মাটি ৰাজ্যিক পথৰে অহা এজন উদণ্ড বাইক চালকৰ প্ৰচণ্ড খুন্দাত নিৰিহ ব্যক্তিজনে থিতাতে মৃত্যুক আকোঁবালি ল'বলগীয়া হয় বুলি প্ৰতক্ষ্যদৰ্শীয়ে প্ৰকাশ কৰে ৷ মৃত ব্যক্তিজনৰ নাম শিৱ দাস আৰু তেওঁৰ বয়স প্ৰায় ৪৮ বছৰ ৷
মৃত ব্যক্তিজনৰ ঘৰ হাতীচোং মৌজাৰ মেধিচুকত ৷ মৃত্যুৰ সময়ত দাসে পত্নীৰ লগতে দুজন পুত্ৰ সন্তানত ইহসংসাৰত এৰি থৈ যায় ৷ বাতৰি লিখা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰা উদণ্ড বাইক চালক জনক আৰক্ষীয়ে আটক কৰিব পৰা নাই বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
উল্লেখ যে,চন্দ্ৰপুৰ-নলতলী সংযোগী ৰাজ্যিক পথচোৱাত দীৰ্ঘদিনৰ পৰা একাংশ উদণ্ড তথা কমবয়সীয়া মাতাল বাইক আৰু গাড়ী চালকৰ ইমানেই উৎপাত বৃদ্ধি পাব ধৰিছে যে দিনক দিনে পথচোৱাত সংঘটিত হৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা ৷
আনহাতে,নগাঁৱৰ পৰা বাৰপুজীয়া পৰ্যন্ত পথচোৱাত লোকনিৰ্মান বিভাগৰ তৰফৰ পৰা পথৰ ওপৰত গতিৰোধকৰ কোনো ব্যৱস্থা নথকাৰ বাবেও এইসকল উদণ্ড তথা মাতাল কমবয়সীয়া বাইক-গাড়ী চালকৰ অতপালি বৃদ্ধি পোৱাৰ ফলতে নিৰীহ জনতাই নিতৌ অকালে প্ৰাণ হেৰুৱাব লগা হৈছে ৷
স্থানীয় ৰাইজ তথা সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানে এই গুৰুত্বপূৰ্ণ পথচোৱাৰ বিভিন্ন স্থানত গতিৰোধকৰ ব্যৱস্থা কৰি নিৰীহ লোক সকলক এইসকল উদণ্ড চালকৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে ৷
ইফালে এইবোৰ উদণ্ড চালকৰ কোনো যান-বাহন চালনাৰ নঠিপত্ৰ নথকাৰ অভিযোগ তুলি নগাঁও জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা গ্ৰামাঞ্চলৰ এইবোৰ অঞ্চলত কোনো দিনে বাহন আৰু চালকৰ নথিপত্ৰ পৰীক্ষা কৰা দেখিবলৈ পোৱা নাই বুলি গুৰুতৰ অভিযোগ তুলিছে ৷ এইক্ষেত্ৰত জিলা পৰিবহন বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰবৰ্তী সময়ত লক্ষণীয় হ'ব।