/asomiyapratidin/media/media_files/2024/12/13/bEZcw5aYnLZRrxNZLYMI.jpg)
ডিজিটেল সংবাদ , বেবেজীয়াঃ নগাঁও জিলাৰ সদৰ থানৰ অন্তৰ্গত নগাঁও-বৰভেটী-মৰিগাঁও সংযোগী পথৰ জলময়গাঁৱত আজি সন্ধিয়া ৮.৩০ বজাত এখন গৰু ভৰ্ত্তি বাহন স্থানীয় ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত খৱৰ মতে এছ ০১ এছ চি ৫২৬৭ নম্বৰৰ ট্ৰাকখনত প্ৰায় ২০ টাৰো অধিক গৰু কঢ়িয়াই আনি থকা অৱস্থাত স্থানীয় নগাঁও-বৰভেটী-মৰিগাঁও সংযোগী পথৰ জলময়গাও তিনিআলিৰ গতিৰোধকত গাড়ীখনৰ গতিবেগ থমকি যোৱাত গাড়ীত থকা গৰুবিলাকে হেম্বেলিয়াব ধৰাত পথৰ কাষৰ স্থানীয় ৰাইজৰ সন্দেহ উপজে আৰু তাৎক্ষণিক ভাৱে বহু মানুহ গোট খোৱাত ট্ৰাকৰ চালক হেণ্ডিমেন পলায়ন কৰে ।
ৰাইজে গাড়ী খন জব্দ কৰি স্থানীয় বেবেজীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে । বেবেজীয়া আৰক্ষীয়ে আহি ঘটনাৰ বুজ লোৱাৰ লগতে গৰু ভৰ্ত্তি বাহনখন জব্দ কৰে । উল্লেখযোগ্য যে নিশাৰ ভাগত গৰুভৰ্তি বাহনখন ক'ৰপৰা আৰু ক'লৈ যাবলৈ আহিছিল তাক লৈ ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে ।