শেষ আগমূহূৰ্তত ১৯ নতুন খেলুৱৈৰ অন্তৰ্ভুক্তি, ফ্ৰেঞ্চাইজিৰ মাজত হাহাকাৰ...

আবুধাবিত আই পি এলৰ নিলাম আৰম্ভ হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ চনৰ নিলাম পঞ্জীত ১৯ জন নতুন খেলুৱৈ সংযোজন কৰি পুলত মুঠ খেলুৱৈৰ সংখ্যা ৩৬৯ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আই পি এল নিলাম ২০২৬ ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে গ্ৰহণ কৰা অন্তিম মুহূৰ্তৰ সিদ্ধান্তই সমগ্ৰ ফ্ৰেঞ্চাইজি শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিলামৰ বাবে খেলুৱৈৰ চূড়ান্ত তালিকাত ১৯ গৰাকী খেলুৱৈৰ নাম নতুনকৈ সাঙুৰ খোৱাক লৈ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

আবুধাবিত আই পি এলৰ নিলাম আৰম্ভ হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ চনৰ নিলাম পঞ্জীত ১৯ জন নতুন খেলুৱৈ সংযোজন কৰি পুলত মুঠ খেলুৱৈৰ সংখ্যা ৩৬৯ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, খেলুৱৈ নিৰ্বাচন আৰু ৰণনীতি প্ৰস্তুতকৰণৰ সময়সীমা শেষ হোৱাৰ পাছতো বি চি চি আয়ে এই ১৯ গৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। সাধাৰণতে, খেলুৱৈৰ চূড়ান্ত তালিকা নিলামৰ কেইদিনমান পূৰ্বে মুকলি কৰা হয়, যাতে ফ্ৰেঞ্চাইজি সমূহে নিজৰ বাবে উপযুক্ত খেলুৱৈ বাছনি কৰিবলৈ পৰ্যাপ্ত সময় পায়।

১৯ গৰাকী নতুন খেলুৱৈৰ মাজত বংগৰ অধিনায়ক অভিমন্যু ইশ্বৰনৰ নামো সাঙুৰ খাইছে। তেওঁক ক্ৰয় কৰা মূল্যৰ পৰিমাণ হৈছে ৩০ লাখ। দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী তথা ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি অহা ইশ্বৰণক নিলামৰ স্প্ৰেডশ্বীটত ৩৬০ নম্বৰত স্থান দিয়া হৈছে। 

আই পি এল