Advertisment

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ...

চেম্পিয়নছ ট্ৰফীৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃখলাতো ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই । তাৰকা বলাৰ যশপ্ৰীত বুমৰাহকো আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ২০২৫ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। চেম্পিয়নছ ট্ৰফীৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃখলাতো ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই । তাৰকা বলাৰ যশপ্ৰীত বুমৰাহকো আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে।   বুমৰাহে অলপতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন তথা অন্তিম টেষ্টত আঘাতপ্ৰাপ্ত হৈছিল । 

Advertisment

২০২৩ চনত শেষবাৰৰ বাবে এদিনীয়া মেচ খেলা মহম্মদ ছামী পুনৰ দললৈ উভতিছে। শ্ৰেয়াছ আয়াৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কে এল ৰাহুল আৰু ঋষভ পন্তক উইকেটকিপিঙৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগা পাঁচখন টি-২০ শৃংখলাৰ পৰা বাদ পৰা যশস্বী জয়ছোৱাল আৰু শুভমান গিলকো চেম্পিয়নছ ট্ৰফীৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগা এদিনীয়া শৃংখলাৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে ।

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে ভাৰতৰ দল:

ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (উপ-অধিনায়ক), বিৰাট কোহলী, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া, অক্সাৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, যশৱী জয়ছোৱাল, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা।

ইংলেণ্ডৰ বিৰুদ্ধে ঘোষিত এদিনীয়া শংখলাৰ ভাৰতীয় দলঃ
ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (উপ-অধিনায়ক), বিৰাট কোহলী, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া, অক্সাৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামী, অৰ্শদীপ সিং, যশৱী জয়ছোৱাল, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা।

উল্লেখযোগ্য যে দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়াত অংশগ্ৰহণ কৰিব।  যিটো ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ বাবে এক গুৰুত্বপূৰ্ণ পৰীক্ষা হ'ব। ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচ খেলিব ভাৰতীয় দলে ।  

চেম্পিয়নছ ট্ৰফী