/asomiyapratidin/media/media_files/2025/03/20/PJrmNpnjvQElgBBEDjCV.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ বি চি চি আয়ে আগবঢ়াব শকত ধনৰ টোপোলা। ইয়াৰ জৰিয়তে কোটি কোটি টকা জেপত সোমাব জাতীয় দলৰ খেলুৱৈসকলৰ। একেদৰে প্ৰশিক্ষক, ছাপ’ৰ্ট ষ্টাফৰো গৰম হ’ব পকেট।
উল্লেখযোগ্য যে পাকিস্তানে আয়োজন কৰা তথা আই চি চিৰ সন্মানীয় প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ পাছতে এই কথা সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে। খিতাপ জয় কৰাৰ পাছত কোনো আনুষ্ঠানিক অভিনন্দন আয়োজন কৰা নাছিল ব’ৰ্ডে।
কিয়নো খেলুৱৈসকলৰ সময়ৰ অসুবিধা আৰু আন কেইবাটাও কাৰণৰ বাবে সেই অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত আছিল ব’ৰ্ড। তথাপি দেশলৈ ইমান এটা সন্মান কঢ়িয়াই অনা বাবে দলৰ খেলুৱৈসকলক প্ৰমুখ্য কৰি প্ৰশিক্ষক আৰু আন কৰ্মকৰ্তাসকলকো আৰ্থিক পুৰস্কাৰেৰে পুৰস্কৃত কৰিব বিচাৰিছে ভাৰতীয় ক্ৰিকেটৰ অভিভাৱক সংস্থা বি চি চি আয়ে।
সেয়ে বৃহস্পতিবাৰে এক সংবাদমেলযোগে ভাৰতীয় ক্ৰিকেট দলললৈ আগবঢ়াব লগা পুৰস্কাৰ সন্দৰ্ভত কেতবোৰ কথা অৱগত কৰে। ব’ৰ্ডে জনোৱা অনুসৰি ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়াব ৫৮ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। এই পুৰস্কাৰ খিতাপ জয়ী খেলুৱৈসকলৰ উপৰি প্ৰতিযোগিতাখনেৰে জড়িত কাৰ্যকৰ্তাসকলকো দিয়া হ’ব।
এই সন্দৰ্ভত বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে কয় যে, ‘বেক টু বেক আই চি চি খিতাপ জয় কৰাটো বিশেষ। বি চি চি আয়ে আগবঢ়াব লগা এই পুৰস্কাৰে টীম ইণ্ডিয়াৰ নিষ্ঠা আৰু প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰিব।
একেদৰে সচিব দেৱজিৎ লন শইকীয়াই কয়- বি চি চি আয়ে এই পুৰস্কাৰ আগবঢ়াই খেলুৱৈ আৰু ছাপ’ৰ্ট ষ্টাফক সন্মানিত কৰিছে। মই ইয়াৰ এক অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো। অনাগত দিনৰ প্ৰতিযোগিতাসমূহত ভাৰতীয় ক্ৰিকেট দলৰ একেই আধিপত্য অৱ্যাহত থাকিব বুলি আশা কৰিলো।