ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ঘোষণাঃ পুৰুষ ক্ৰিকেটাৰৰ দৰে সমানে দৰমহা পাব মহিলা ক্ৰিকেটাৰে...

প্ৰতিখন খেলৰ বাবদ সমান পাৰিশ্ৰমিক লাভ কৰিব উভয় ক্ৰিকেটাৰেঃসচিব জয় শ্বাহ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ঘোষণাঃ পুৰুষ ক্ৰিকেটাৰৰ দৰে সমানে দৰমহা পাব মহিলা ক্ৰিকেটাৰে...

ভাৰতীয় জাতীয় পুৰুষ-মহিলা ক্ৰিকেটাৰ

ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় ক্ৰিকেটাৰলৈ সুখবৰ কঢ়িয়াই আনিছে বি চি চি আয়ে। জাতীয় দলৰ পুৰুষ ক্ৰিকেটাৰৰ সমানে পাৰিশ্ৰমিক লাভ কৰিব মহিলা জাতীয় ক্ৰিকেটাৰে। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনালে সদ্য নিযুক্তিপ্ৰাপ্ত সচিব জয় শ্বাহে। সচিব শ্বাহে কয় যে, প্ৰতিখন খেলৰ বাবদ সমান পাৰিশ্ৰমিক লাভ কৰিব উভয় ক্ৰিকেটাৰে। ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে চুক্তিবদ্ধ মহিলা ক্ৰিকেটাৰ সকলৰ বাবে পাৰিশ্ৰমিকৰ সমতাৰ নীতি প্ৰস্তুত কৰিছে।

Advertisment

শ্বাহে টুইটত উল্লেখ কৰা অনুসৰি, "বৈষম্যৰ মোকাবিলাৰ দিশত বি চি চি আইৰ প্ৰথম পদক্ষেপ ঘোষণা কৰি মই আনন্দিত। আমি আমাৰ চুক্তিবদ্ধ বিচিচিআই মহিলা ক্ৰিকেটাৰসকলৰ বাবে বেতন সমতা নীতি ৰূপায়ণ কৰিছো। পুৰুষ আৰু মহিলা ক্ৰিকেটাৰ দুয়োৰে বাবে খেলৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত সমতাৰ সৃষ্টি কৰি আমি ভাৰতীয় ক্ৰিকেট জগতৰ পৰা লিংগ বৈষম্য আতৰোৱাৰ প্ৰথম পদক্ষেপ হাতত লৈছো।"

cricket bcci india cricket virat kohli smriti mandhana