দুই ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু কুটনৈতিক যুদ্ধত পৰাস্ত ক্ৰিকেট !

পি চি বিয়ে কয় কৈছে, বি চি চি আইৰ সচিবগৰাকীৰ মন্তব্য দুৰ্ভাগ্যজনক
BCCI-PCB
BCCI-PCB

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেট এতিয়া টি-২০ বিশ্বকাপৰ জ্বৰত আক্ৰান্ত। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপক কেন্দ্ৰ কৰি ক্ৰিকেট বিশ্ব ব্যস্ত হৈ পৰিছে। তাৰ মাজতে আগন্তুক এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে বিতৰ্ক।

দুই চিৰবৈৰী ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু কুটনৈতিক যুদ্ধত হাৰ মানিবলৈ বাধ্য হৈছে ক্ৰিকেটে। ২০২৩ চনত পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা এছিয়া কাপ প্ৰতিযোগিতা। একেদৰে সেই একেটা বছৰতে ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ।

প্ৰতিযোগিতাখনলৈ এতিয়াও মাজত আছে এটা বছৰ। তাৰ মাজতে বি চি চি আইৰ সচিব জয় শ্বাহে পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ প্ৰতিযোগিতালৈ ভাৰতীয় দল প্ৰেৰণ নকৰাৰ কথা ঘোষণা কৰিছে। বি চি চি আইৰ সচিবগৰাকীয়ে পাকিস্তানে যদি আন কোনো নিৰপেক্ষ স্থানত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে তেতিয়াহে ভাৰতীয় দলটো প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰিছে।

জয় শ্বাহৰ এনে মন্তব্যৰ পিছতে পাকিস্তান ক্ৰিকেট ব'ৰ্ডেও ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতালৈ দেশখনৰ ক্ৰিকেট দলটো প্ৰেৰণ নকৰাৰ কথা ঘোষণা কৰিছে। এক বিজ্ঞপ্তিৰ জৰিয়তে পি চি বিয়ে কয় কৈছে, বি চি চি আইৰ সচিবগৰাকীৰ মন্তব্য দুৰ্ভাগ্যজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in