/asomiyapratidin/media/media_files/2025/06/29/270-2025-06-29-16-42-25.jpg)
ডিজিটেল ডেস্ক : জন্ম, মৃত্যু আৰু বিবাহ বিধিৰ লিখন। কাৰ, কেতিয়া, ক’ত, কেনেকৈ মৃত্যু ঘটিব পাৰে; সেই কথা কোনেও নাজানে। পিছে এই কথাকে প্ৰতিপন্ন কৰি পঞ্জাৱৰ এখন খেলপথাৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা বিশেষ ভিডিঅ’ই সকলোকে আচৰিত কৰি তুলিছে। ২৯ জুন ২০২৫ দেওবাৰে পঞ্জাৱৰ ফিৰোজপুৰৰ এখন খেলপথাৰত ক্ৰিকেট খেলি থকাৰ মাজতে এজন বেটছমেনৰ হৃদক্ৰিয়া বন্ধ হৈ পৰাত অকাল মৃত্যুক সাৱটি ল’ব লগা হয়।
জানিব পৰা মতে উক্ত খেলপথাৰখনত খেল চলি থকাৰ সময়তে হৰ্জিত সিং নামৰ ক্ৰিকেটাৰ জনে বেটিং কৰি আছিল। তেনে অৱস্থাতে প্ৰতিপক্ষৰ বলাৰৰ এটা বল ছিক্স মাৰিবলৈ ক্ৰিজৰ পৰা আগুৱাই যায়।
ইয়াৰ পাছতে বেটছমেন হৰ্জিত পিটছৰ মাজভাগ পাওতে অকাস্মাতে ঢলি পৰে। তাৰ পাছতে আনবোৰ খেলুৱৈ চিপিআৰৰ চেষ্টা কৰে যদিও কিছু সময় পাছতে শেষ নিশ্বাস ত্যাগ কৰে হৰ্জিতে।