ভকত-বৈষ্ণৱৰ হাতে হাতে তাল লৈ পৰিবেশন কৰা ঘোষা কীৰ্তনৰ নান্দনিক পৰিবেশত উখল মাখল বটদ্ৰৱা থান...

ভাদ মাহৰ নাম সামৰণি মহোৎসৱ...

author-image
Asomiya Pratidin
New Update
ভকত-বৈষ্ণৱৰ হাতে হাতে তাল লৈ পৰিবেশন কৰা ঘোষা কীৰ্তনৰ নান্দনিক পৰিবেশত উখল মাখল বটদ্ৰৱা থান...

batradava

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আজি পবিত্র ভাদ মাহৰ শেষৰটো দিন। সমগ্ৰ মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত আজি থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উদযাপন হয়। কীৰ্তনঘৰত নাম সামৰণিৰ বিশেষ কাৰ্য্যসূচী ঘোষা কীৰ্তন অনুষ্ঠিত হয়।

Advertisment

সত্ৰৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো ভকত বৈষ্ণৱে হাতে হাতে তাল লৈ ভৰি চালনাৰে এই নাম সামৰণিৰ ঘোষা কীৰ্তনৰ অনুষ্ঠান পৰিবেশন কৰি বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উপলক্ষে পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে বিয়লি বটদ্রৱা থানৰ ভাদ মাহৰ নাম সামৰণি মহোৎসৱ বিশেষ কাৰ্য্যসূচী ঘোষা কীৰ্তন অনুষ্ঠিত হয়।

বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সত্ৰৰ ভকত বৈষ্ণৱে হাতে হাতে তাল লৈ ভৰি চালনাৰে এই নাম সামৰণিৰ ঘোষা কীৰ্তনৰ অনুষ্ঠান পৰিবেশন কৰি বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। ১৬৫৬ খ্রীষ্টাব্দ আই কনকলতাই বটদ্ৰৱা থান উদ্ধাৰৰ পাছৰ পৰাই ভাদ মাহৰ শেষৰটো দিনত থানৰ ভকত বৈষ্ণৱে পৰিবেশন কৰি আহিছে এই ঘোষা কীৰ্তনৰ অনুষ্ঠান।

শুকুৰবাৰে বিয়লি 'ঘোষা কীৰ্তন'ৰ নামত থানৰ ভকত বৈষ্ণবৰ পৰা আদি কৰি শিশুলৈকে সকলোৱে হাতত তাল লৈ অংশ গ্রহন কৰে। হাত ভৰি সঞ্চালনৰ মাজেৰে পৰিবেশন কৰা এই অপূৰ্ব সাংস্কৃতিক অনুষ্ঠানটিত হাতী খুজীয়া, বগলী খুটীয়া, নূপূৰ চলোৱা, চিটিকা, চিৰল আদি বিভিন্ন নৃত্য(মান) পৰিবেশিত হয়।

নাটঘৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান দুই পদশিলা, হাটী পুখুৰী, শিলিখা বৃক্ষ আৰু আকাশী গংগা পৰিক্রমা কৰি অৱশেষত সামৰণি পৰে। বহু শতিকা পুৰণি ভাদ মাহৰ এই মনোমোহা সাংস্কৃতিক উপাদনেৰে সমৃদ্ধ ভাদ মাহৰ নাম সামৰণি মহোৎসৱত বটদ্রৱা থানলৈ আহি ভক্ত বৈষ্ণৱে একান্ত সাত্বিকভাবে এগচি বন্তি, এভাগ নৈবেদ্য আগবঢ়াই ভগবন্তৰ নাম শ্রৱন-কীৰ্তন কৰি বিমল পৰমাৰ্থিক আনন্দ লাভ কৰে।

BATRADAVA