/asomiyapratidin/media/media_files/2025/05/01/jcHonZTXnOY3mKKE4XpT.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: আদালতত মুখ থেকেচা খালে বিতৰ্কৰ আৱৰ্তত থকা বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বটদ্ৰৱা থানৰ এক গোচৰত বিগত ২৫ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে।
উক্ত ৰায়দানত ৰাইজে বিগত বৰ্ষৰ ৯ জুনত পাতি দিয়া তদৰ্থ থান পৰিচালনা সমিতিলৈ থান পৰিচালনাৰ দ্বায়িত্ব অৰ্পন কৰে আদালতে। কিন্ত তাৰ পিছতো আজি ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি তদৰ্থ সমিতিৰ হাতত থান পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ চাবি-কাঠি, নথি-পত্ৰ চমজাই নিদিয়াৰ অভিযোগ কৰে তদৰ্থ সমিতিয়ে।
যাৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ন্যায়ালয়ৰ নিৰ্দেশ লৈ সহায় বিচাৰি আৰক্ষীৰ কাষ চাপে তদৰ্থ সমিতি। তদৰ্থ সমিতিয়ে দিয়া অভিযোগ অনুসৰি থান পৰিচালনা সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকে অকৰ্তৃত্বশীল ভাবে নিজৰ হাতত কাৰ্যালয়ৰ চাবি ৰাখি থয়।
ইফালে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি সমিতিখনে গটাই নিদিলে থানখনত অচলাৱস্থাৰ সৃষ্টিৰ আশংকা আছে। উল্লেখ্য, বিগত বৰ্ষৰ ৯ জুনত অনুষ্ঠিত যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত সভাপতি ৰূপে থকা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দ্বি-বার্ষিক সাধাৰণ সভাত পূৰ্বৰ সমিতিখনৰ দিনত সংঘটিত দুৰ্নীতি- অনিয়ম , বিত্তীয় খেলিমেলি আৰু বিভিন্ন অভিযোগত উক্ত সমিতিখনৰ ওপৰত অনাস্থা প্রস্তাৱ সর্বসম্মতি ক্রমে গৃহীত কৰি সমিতিখন ভংগ কৰা হৈছিল।
স্থানীয় ৰাইজ, ভকত বৈষ্ণৱ, আজীৱন সদস্য আৰু সত্ৰীয়া সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত সাধাৰণ সভাতে এখন তদৰ্থ(অস্থায়ী) থান পৰিচালনা সমিতি গঠন কৰি থানৰ নিত্য নৈমত্তিক কাম কাজ লগতে প্রশাসনিককে ধৰি সকলো কামকাজ পৰিচালনাৰ দায়িত্ব অর্পণ কৰে। নৱগঠিত সমিতিখনে থানৰ নিয়মাৱলী, পৰম্পৰা অক্ষুন্ন ৰাখি যোৱা বৰ্ষৰ ১২ জুনত শপত বাক্য পাঠ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে।
পাছত নতুন সমিতিয়ে পূৰ্বৰ সমিতিখনলৈ সকলো নথি পত্ৰ আৰু চাবিকাঠি বিচাৰি পত্ৰ প্ৰেৰণ কৰে। কিন্ত বিতৰ্কিত পুৰণি সমিতিয়ে সামগ্রীসমূহ নিয়ম মতে চমজি নিদি নগাঁও আদালতৰ পৰা এক একপক্ষীয় নিষেধাজ্ঞা জাৰি কৰি সমিতিৰ কাম কাজত বাধা আৰোপ কৰে।
তাতোকৈ পৰিতাপৰ বিষয় যে, পূৰ্বৰ ভংগ হোৱা সমিতিৰ সভাপতি আৰু কার্যকৰী সভাপতি যথাক্রমে যোগেন্দ্র নাৰায়ন দেৱ মহন্ত আৰু প্রভাত কলিতাই নগাঁও চিভিল আদালতৰ পৰা পুনৰ এক নিৰেধাজ্ঞা জাৰি কৰে। পৰৱৰ্তী সময়ত নগাঁৱৰ এখন আদালতে সেই নিষেধাজ্ঞা স্থগিত ৰখাত, তদৰ্থ সমিতিখনে তিনি মাহ সুকলমে থানৰ কাম কাজ পৰিচালনা এক নতুন ৰূপ দিয়ে।
কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত নগাঁৱৰ এখন আদালতে পুনৰ তদৰ্থ সমিতিৰ কাৰ্য পৰিচালনাত বাধা আৰোপ কৰে। কিন্তু শেহতীয়াভাবে যোৱা ২৫ এপ্ৰিলত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় দানেৰে নগাঁও আদালতৰ হুকুমত স্থগিতাদেশ জাৰি কৰি তদৰ্থ সমিতিখনক থানৰ সেৱা কৰি যোৱাত আইনী বাধা আঁতৰাই পুনৰ সুযোগ প্ৰদান কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া নির্দেশৰ পিছত আজি অস্থায়ী পৰিচালনা সমিতিয়ে দায়িত্ব লৈ পুনৰ কাম কাজ আৰম্ভ কৰিবলৈ কাৰ্যালয়ত প্ৰবেশ কৰে যদিও কাৰ্যালয়ৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ কোঠাৰ দুৱাৰত তলা ওলমি থকা দেখি মাটিতে বহি আজি কাৰ্যনিবাহক সভা সম্পন্ন কৰে বুলি জানিবলৈ দিয়ে। এই কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰাৰ পাছত পূৰ্বৰ সমিতিয়ে আজি পর্যন্ত থানৰ কাৰ্যালয়ৰ চাবি কাঠি আৰু অন্যান্য নথি পত্রসমূহ প্ৰদান নকৰাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশনা লৈ বটদ্ৰৱা থানাৰ আৰক্ষীৰ কাষ চাপে।