/asomiyapratidin/media/media_files/2025/07/15/batadrava-15-2025-07-15-21-20-53.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ স্থায়ী অধক্ষ্যা হিচাপে সোমবাৰে ড০ নমিতা কলিতাই যোগদান কৰে। ১৯৮৯ চন ২১ আগষ্টত প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাকে আদি কৰি বটদ্ৰৱাৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ প্ৰচেষ্টাত জন্ম লাভ কৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰথমগৰাকী স্থায়ী অধক্ষ্যা হিচাপে চৰকাৰীভাবে নিযুক্তি লাভ কৰাৰ পাছত আজি বটদ্ৰৱা সাংবাদিক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত সম্পাদক মাজিদুল ইছলাম, কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱা, মোস্তাফা চেলিম, নজৰুল ইছলামে গামোছা আৰু উপহাৰেৰে সম্বৰ্ধনা জনাই। ইফালে কালিও অধ্যক্ষা ড০ নমিতা কলিতাক প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ লগতে পূৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ মহন্ত, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী সকলে সম্বৰ্ধনা জনাই।