/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c4179c44-7f3a-4246-9318-f9d408eec964/batadrava_20.jpg)
বটদ্ৰৱাৰ বেদখলকৃত ভূমিত বেদখলকাৰীয়ে পুনৰ আৰম্ভ কৰিছে নিৰ্মাণ...
ডিজিটেল সংবাদ বটদ্ৰৱাঃমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ চৌদিশে হৈ থকা হেজাৰ হেজাৰ ভূমিত অবৈধ দখল চলি থকাৰ পাছত, বটদ্ৰৱা থান পৰিচালনা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে বেদখল উচ্ছেদ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ পাছত ১৯ ডিচেম্বৰ সোমবাৰৰ পৰা বটদ্ৰৱাত আৰম্ভ হৈছে উচ্ছেদ অভিযান। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সহস্ৰাধিক আৰক্ষীৰ উপস্থিতত প্ৰথমে শান্তিজান বজাৰত তাৰ পিছত হাইডুবি ৰিজাৰ্ভত, চৰকাৰী কৃষি বীজ পাম, ভোমোৰাগুৰি লালুংগাঁও, জামাই বস্তি আৰু নিশা কদমণি স্থিত বৰহিছা কিচমতৰ ভূমিত বেদখল উচ্ছেদ চলাই।
ইফালে উচ্ছেদিত বহু ভূমিহীন পৰিয়ালে নিশাটো মুকলি আকাশৰ তলতে পাৰ কৰে। পূৰ্বতে ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত তেওঁলোকে এই ভূখণ্ড দখল কৰিছিল বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, হেজাৰ হেজাৰ আৰক্ষী মোতায়ন কৰি যোৱা কালি পুৱাৰে পৰা বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযান চলোৱাৰ পিছত আজি পুনৰ উচ্ছেদত লোকসকলে উত্তেজিত হৈ জনালে যে আমাক পূৰ্বৰ মন্ত্ৰী দীগেন বৰা, গৌতম বৰাই ইয়াত বহিবলৈ দিছিল। এই বেদখলকৃত ভূমিতে চৰকাৰে স্কুল বনাইছিল, চৰকাৰী আৱাস যোজনা ঘৰ দিছিল, এটিয়া আমি কোনো কাৰণতে এই ভূমি নেৰো, আমাক গুলিয়াই মাৰক। বুলি হাইডুবিৰ উচ্ছেদিত লোকে জানিবলৈ দিয়ে।
ক্লিক কৰি পঢ়কঃ মাজুলীৰ বালি জকাইবোৱাত সক্ৰিয় বালি ছিণ্ডিকেট ! অসাধু চক্ৰই খান্দিছে নৈৰ বুকু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us