/asomiyapratidin/media/media_files/2025/01/28/K3m6yOocaTOnzg4791ka.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি বড়ো জনগোষ্ঠীৰ অন্যতম উৎসৱ বাথৌ পূজা। সমগ্ৰ ৰাজ্যত বড়ো জনগোষ্ঠীৰ লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে বাথৌ পূজা ।
সমান্তৰালভাৱে অসম-অৰুণাচল সীমান্তৱৰ্তী নদুৱাৰ অঞ্চলটো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে বাথৌ পূজাৰ । সীমান্তৱৰ্তী অঞ্চলটোত বড়ো জনগোষ্ঠীয় লোকসকলে তিনিদিনীয়াকৈ আয়োজন কৰিছে এই পূজাৰ ।
উদযাপন সমিতিৰ সভাপতি বিৰজুলা স্বৰ্গীয়াৰী,সম্পাদক তেবেলাৰাম মোচাহাৰী, উপ সভাপতি জামিন নাৰ্জ্জাৰী,যুটীয়া সম্পাদক বিষ্ণু ৰামচিয়াৰী আৰু জিৰন বড়োৰ লগতে কোষাধ্যক্ষ ধনেশ্বৰ দৈমাৰীৰ উপস্থিতিত আয়োজিত বাথৌ পূজাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী বিউৰাম ৱাগেই৷