/asomiyapratidin/media/media_files/2025/07/15/1-2025-07-15-09-55-17.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ এজন লোকৰ বিদেশী পত্নীক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে। ইছলামিক গুৰু হিচাপে নিজকে পৰিচয় দিয়া খাইৰুল ইছলাম নামৰ লোকজন পেছাত মছজিদৰ ইমাম। মছজিদৰ ইমাম খাইৰুল ইছলাম প্ৰায়ে থাকে বাংলাদেশত।
এগৰাকী ইমাম হৈ বাংলাদেশৰ লগত থকা মিতিৰালিৰ ৰহস্য ভেদ হোৱাতো বিচাৰিছে স্থানীয় ৰাইজে। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত খাইৰুল ইছলাম নামৰ লোকজনে কৰ্মসূত্ৰে বিগত কেইবাবছৰ ধৰি চৌদি আৰৱ, বাংলাদেশ আদি ইছলাম দেশত বসবাস কৰি আছিল। দুগৰাকীকৈ মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা খাইৰুল ইছলামৰ দ্বিতীয় পত্নী গৰাকী বাংলাদেশৰ।
আজিও ভিজা লৈ বটদ্ৰৱাত বাস কৰা বাংলাদেশী মহিলা গৰাকীৰ কেইবাটাও সন্তান আছে বুলি স্থানীয় লোকে প্ৰতিবেদকক জানিবলৈ দিছে। স্থানীয় লোকৰ অভিযোগ মতে, প্ৰথমগৰাকী পত্নীৰ সতি সন্ততি নথকাৰ বাবেই খাইৰুলে দ্বিতীয় গৰাকী পত্নীক বাংলাদেশৰ পৰা বিয়া কৰাই লৈ আনে। ৰহস্যজনক কাৰনত আজিও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰা বাংলাদেশৰ মহিলাগৰাকীৰ সতি সন্ততি কেইটাক লৈ স্থানীয় ৰাইজে সন্দেহৰ আঙুলি টোৱাইছে।
বহুলোকৰ সন্দেহ খাইৰুলে ভুৱা প্ৰমান পত্ৰ লৈ, প্ৰথমা পত্নীৰ নামতে দ্বিতীয় পত্নীৰ সতি সন্ততি কেইটা নাম পঞ্জীয়ন কৰাইছে নেকি? ৰাজ্যত বাংলাদেশীৰ বোজা, বাংলাদেশী বিতাৰণ আদি বিষয়ৰ চৰ্চা চলি থকাৰ মাজতে বটদ্ৰৱাৰ বৰভেটি গাঁৱৰ (আজিও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰা) এগৰাকী বাংলাদেশী মহিলা গোপনে ৰখাত খাইৰুল ইছলামৰ প্ৰতি সচেতন মহলে সন্দেহ কৰিছে।
ইফালে সমগ্ৰ বিষয় সন্দৰ্ভত সাংবাদিকে কেইবাবাৰো লগ কৰিবলৈ বিচৰাত, খাইৰুলে আত্মগোপন কৰি, সংবাদ মাধ্যমৰ পৰা দূৰত অৱস্থান কৰা বিষয়টোৱে আৰু ৰহস্যৰ সৃষ্টি কৰিছে। আনহাতে স্থানীয় লোকে জনোৱা মতে, নিশা ১২ বজাৰ পিছত প্ৰায়ে খাইৰুল ইছলামৰ বাসগৃহলৈ অচিনাকী ব্যক্তি অহা যোৱা কৰে।
বাংলাদেশৰ কোনো সংগঠনৰ লগত জড়িত হৈ কাম কৰাৰে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বটদ্ৰৱা থানৰ পৰা কাষৰে এইগৰাকী ইমামৰ বাংলাদেশৰ লগত থকা মিতিৰালিৰ ৰহস্য ভেদ হোৱাতো বিচাৰিছে সচেতন ৰাইজে।