বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰকে প্ৰমুখ্য কৰি কেইবাখনো সত্ৰ, নামঘৰত ৰাসলীলাৰ আয়োজন...

বটদ্ৰৱাৰ সমীপৱৰ্তী সত্ৰ, গাঁও সমূহতো ৰাসলীলাৰ মহা আয়োজনৰ উৎসৱমুখীতাই আকাশ বতাহ মুখৰিত কৰি তুলিছে

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰকে প্ৰমুখ্য কৰি কেইবাখনো সত্ৰ, নামঘৰত ৰাসলীলাৰ আয়োজন...

বটদ্ৰৱাৰ সত্ৰ, নামঘৰত ৰাসলীলাৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাস পূৰ্ণিমালৈ মাজত মাথোঁ কিছু সময় বাকী। সোমবাৰে শৰতৰ চন্দ্ৰাৱলী ৰাতি অনুষ্ঠিত হ'বলগীয়া ৰাস উৎসৱৰ শেষ আখৰাৰ ছন্দোময়তাত বিধৌত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী সত্ৰ, গাঁও সমূহতো ৰাসলীলাৰ মহা আয়োজনৰ উৎসৱমুখীতাই আকাশ বতাহ মুখৰিত কৰি তুলিছে।

Advertisment

বটদ্ৰৱা সমষ্টিৰ সমীপৱৰ্তী ঐতিহ্যমণ্ডিত কুৰুৱাবাহী সত্ৰটো চলিছে ৰাসৰ আখৰা। সত্ৰখনৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলোৱে "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" শীৰ্ষক গীতৰ তালে তালে নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে। কুৰুৱাবাহী সত্ৰত অহা ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

সমিতিয়ে জনোৱা মতে, কাইলৈ পুৱা ৮ বজাত পতাকা উত্তোলন, ছহীদ তৰ্পণৰ পাছত ৯ বজাত আৰম্ভ হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া নাম কীৰ্তন, সন্ধিয়া পূৰ্বৰংগৰ পাছতে নিশা ৮ বজাত কেলি গোপাল নাটক। ৮ নৱেম্বৰত বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা "পাৰ্থ পৰাজয়" ভাওনা অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিৰ সাংস্কৃতিক আৰু বিত্ত সম্পাদক নিপন শৰ্মাই জানিবলৈ দিয়ে।

ইফালে নমাটি গাঁৱৰ যুৰীয়া নামঘৰত অহা ৮, ৯ আৰু ১০ নৱেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। তাৰোপৰি বটদ্ৰৱা আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত, শান্তিজান বজাৰত, ভোমোৰাগুৰি, লালুংগাঁও, ৰাইডঙীয়া, নসত্ৰ, কৰচোং সত্ৰ আদি বিভিন্ন ঠাইত কাইলৈ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগৱান শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব।

assam satra raakh batadraba