আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক গজেন ৰাজখোৱাৰট 'চৌতৰা' গ্ৰন্থ উন্মোচন...

মহাগ্ৰাম বটদ্ৰৱাৰ পৰাই আৰম্ভ হৈছিল অসমীয়া সাহিত্যৰ জয়যাত্ৰাঃ প্ৰহ্লাদ তাছা

author-image
Asomiya Pratidin
New Update
আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক গজেন ৰাজখোৱাৰট 'চৌতৰা' গ্ৰন্থ উন্মোচন...

Batadraba

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "মহাগ্ৰাম বটদ্ৰৱাৰ পৰাই অসমীয়া সাহিত্যৰ জয়যাত্ৰা আৰম্ভ হৈছিল। মহাপুৰুষ গুৰুজনাই "কৰতল কমল..." কবিতাৰ জৰিয়তে আৰম্ভণি ঘটাইছিল। অসমীয়া সাহিত্যই আজি জগতসভাত উজ্বলি আছে।" এই মন্তব্য পদ্মশ্ৰী প্ৰহ্লাদ তাছাৰ।

Advertisment

আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সাহিত্যিক তথা শিল্পী পেঞ্চনাৰ গজেন ৰাজখোৱাৰ "চৌতৰা" গ্ৰন্থখন উন্মোচন কৰি সাহিত্যিক জনে ভাষণ প্ৰসঙ্গত কয় যে, গুৰুজনাৰ শ্ৰীচৰণত নিজৰ সেৱা নিবেদন কৰিবলৈ পায় মই পৰম কৃতাৰ্থ হৈছো।

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক তথা আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপ সভাপতি অতুল মহন্তই প্ৰহ্লাদ তাছা জীৱন দৰ্শন, সাহিত্য-সংস্কৃতি সকলো সামৰি সাৱলীল ভাষণ প্ৰদান কৰে।

আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত উদীয়মান কবি শিৱানী বৰা হাজৰিকাৰ "অনুভৱৰ একলম" শীৰ্ষক এখনি কবিতা পুথি আৰু দিলীপ বৰাৰ "মোৰ জীৱনৰ সোঁৱৰণি পৃষ্ঠা" নামৰ গ্ৰন্থ দুখন তাছা দেৱৰ হাতত অৰ্পন কৰে।

অনুষ্ঠানত অসম সাহিত্য সভাৰ আকাশ উপ সমিতিৰ মুখ্য আহ্বায়িকা স্বপ্না কলিতা, নগাওঁ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, ৰহা সাহিত্য সভাৰ সভাপতি ঘনশ্যাম নাথ, ডিমা হাচাওৰ সাহিত্য কৰ্মী নৃপেন ভূঞা, আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰ, জগন্নাথ কলিতা দিলীপ গোস্বামী, নিৰেন ভূঞা আদি কৰি কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থাকে।

nagaon prahlad tasa batadraba