Advertisment

বটদ্ৰৱাৰ সত্ৰ, গাঁও সমূহত ভোগালী বিহুৰ আয়োজন...

অসমীয়াৰ পদূলি মুখ আহি পাইছে হেঁপাহৰ ভোগালী বিহু৷ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁঁ দুটা দিন বাকী৷ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছেন৷

author-image
Asomiya Pratidin
New Update
ভোগালীৰ বৰ্ণাঢ্য আয়োজন

ভোগালীৰ বৰ্ণাঢ্য আয়োজন Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়াৰ পদূলি মুখ আহি পাইছে হেঁপাহৰ ভোগালী বিহু৷ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁঁ দুটা দিন বাকী৷ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছেন৷ অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত অন্যতম ভোগালী বিহু বা মাঘ বিহু উপলক্ষে বটদ্ৰৱাৰ বিভিন্ন গাঁৱৰ  যুৱতী, মহিলা সকলে লাড়ু, পিঠা, সান্দহ, নানা জলপান প্ৰস্তুতৰ বাবে আখলত ব্যস্ত হৈ পৰিছে৷

Advertisment

উৰুকালৈ মাজত মাথো কেইটামান ক্ষন, বটদ্ৰৱাৰ ৰাইডঙীয়া, ৰজা গাঁও, কুজিসত্ৰ, নসত্ৰ, কৰচোং সত্ৰ, নৰোৱা সত্ৰ, শলগুৰি সত্ৰ, বালিসত্ৰ, ডুমডুমীয়া, জাজৰি, ভোমোৰাগুৰি, লালুং গাঁও, গোসাই খন্দা, বাৰুৱাতী গাঁও সমূহৰ চৌদিশে ভোগালীৰ খদমদম লগা আয়োজন।

বিধে বিধে পিঠা-পনা, বিধে বিধে জা- জলপান গোটাবলৈ ঘৰৰ গিৰিহঁতনীৰ এইকেইদিন ওপৰলৈ মূৰ তুলি চাবলৈ আহৰি নাই। ইফালে খৰি খেৰ যোগাৰত ব্যস্ত গিৰিহঁত। চুবুৰীৰ চুকে কোণে পুৱতি নিশাৰ পৰা ঢেঁকীৰ ৰজনজনাই থকা মাত। ক'ৰবাত হেৰাই গ'লেও ক'ৰবাত আজিও ঢেঁকী নহ'লে নচলে চহা জীৱন। গাঁৱত এতিয়াও বৰ্তি থকা ঢেঁকী বোৰেই যেন চহা ঠাইবোৰত বিহু ৰখীয়া হৈ আজিও বৰ্তি আছে।

এফালে গাঁৱৰ পুৰুষ সকলে ভেলাঘৰ, মেজি সাজিছে আনফালে মহিলাসকলে পিঠাগুৰি খুন্দা, আখলত পিঠা-পনা বনোৱাত ব্যস্ত ছবি।  তাৰ মাজতে আখলত উঠিছে বিহুগীতৰ ৰগৰ। বৰ্তমান সমাজৰ পৰা হেৰাই যোৱা অসমীয়া পৰম্পৰাৰ এখন ছবি স্পষ্ট হৈ পৰিছে অঞ্চলটোত।

অসমীয়া