বটদ্ৰৱা ৰঙালী বিহু উৎসৱত বিজ্ঞানী ড০ নিৰঞ্জন ডেকা...

বিহুৰ লগত কৃষিৰ সমন্ধ অভিন্ন। বিহুৰ পৰা নৱবৰ্ষৰ সৃষ্টি পোখা মেলে। সেই পোখাই ফলে ফুলে জাতিস্কাৰ হৈ পৰে। প্ৰবাদ আৰু পৰম্পৰাৰ মাজেৰে আমাৰ বিহু জ্যোতিস্মান।"

author-image
Asomiya Pratidin
New Update
hjhjs

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  "বিহুৰ লগত কৃষিৰ সমন্ধ অভিন্ন। বিহুৰ পৰা নৱবৰ্ষৰ সৃষ্টি পোখা মেলে। সেই পোখাই ফলে ফুলে জাতিস্কাৰ হৈ পৰে। প্ৰবাদ আৰু পৰম্পৰাৰ মাজেৰে আমাৰ বিহু জ্যোতিস্মান।" এই মন্তব্য মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰদান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাৰ।

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত শনিবাৰৰ নিশাৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহু উৎসৱৰ মুকলি বিহু প্ৰতিযোগিতা উদ্ধোধন কৰি তেওঁ সকলোকে নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সম্পাদক সুনীল বৰুৱাই আঁত ধৰা অনুষ্ঠানটি কাৰ্যকৰী সভাপতি জোনমণি ভূঞা, বিশিষ্ট চিকিৎসক ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্ত, জগন্নাথ জ্যোতি বৰা, গনেশ দাস, অংকুৰ পাঠককে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।

মাজ নিশালৈ অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহুৱা দলে, দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰৰ জাজীপৰীয়ী বিহুৱা দলে আৰু তৃতীয় স্থান লাভ কৰে জখলাবন্ধাৰ ফ্ৰেইণ্ডশ্বিপ ক্লাৱ বিহুৱা দলে।

লগতে শ্ৰেষ্ঠ নাচনি ব্ৰহ্মপুত্ৰ বিহুৱা দলৰ পৰা, শ্ৰেষ্ঠ ঢুলীয়া মন কহুৱা বিহুৱা দলৰ আৰু শ্ৰেষ্ঠ বিহুৱা পেঁপাটি বিহুৱা দলৰ পৰা লাভ কৰে। ইফালে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উপলক্ষে কালি পুৱা ১০ বজাত বিহু উৎসৱৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই আৰু গছপুলি ৰোপণ কৰে চিকিৎসক ডা০ লক্ষ্য জ্যোতি বৰাই।

১০.৩০ বজাত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ দেৱগোস্বামীয়ে। লগে লগে বটদ্ৰৱা অঞ্চলৰ ২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন পতাকা উত্তোলন কৰা হয়। ১২ বজাত উপেন কাকতি, তৰুণ কলিতা, হিমেশ্বৰ দাস আৰু প্ৰনৱজ্যোতি কলিতাৰ দ্বাৰা বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

১ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনা বৰুৱাই। আনহাতে আজি দুপৰীয়া ভেশচন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ পাছত বিয়লি ৩ বজাত স্বৰ্গীয় পদ্মকান্ত বৰা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।

ডিজিটেল কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। নিশা সাংস্কৃতিক অনুষ্ঠানত নিমন্ত্ৰিত শিল্পীয়ে দ্বাৰা গীতৰ শৰাই আগবঢ়াব।

নগাওঁ