Advertisment

বটদ্ৰৱা থানৰ সভাগৃহত লাচিত দিৱস উদযাপন...

এজন ব্যক্তিৰ নামত এক ইতিহাস লিখিব পাৰে, এজন ব্যক্তিৰ ছাঁত এটা জাতি জীয়াই থকিব পাৰে। সেই জন মহান ব্যক্তি হৈছে বীৰ লাচিত বৰফুকন" এই বক্তব্য অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰণজিৎ কুমাৰ মজুমদাৰৰ। নগাঁও মহকুমা গাঁওৰক্ষী

author-image
Asomiya Pratidin
New Update
তদত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  এজন ব্যক্তিৰ নামত এক ইতিহাস লিখিব পাৰে, এজন ব্যক্তিৰ ছাঁত এটা জাতি জীয়াই থকিব পাৰে। সেই জন মহান ব্যক্তি হৈছে বীৰ লাচিত বৰফুকন" এই বক্তব্য অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰণজিৎ কুমাৰ মজুমদাৰৰ। নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত, বটদ্ৰৱা থানাৰ সহযোগত বীৰ লাচিত দিৱস উপলক্ষে  বটদ্ৰৱা থানৰ সভাগৃহত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি ৰণজিৎ কুমাৰ মজুমদাৰে লগতে কয় যে, "১৬২২ চনৰ পৰা ১৬৭২ চনলৈ লাচিত বৰফুকনৰ জীৱন পৰিক্ৰমাৰ শেষৰ পাঁচটা বছৰৰ আৱদান, অসমৰ বাবে এৰাব নোৱাৰা স্মৃতি।" তেওঁ গাঁওৰক্ষী বাহিনীৰ সদস্য সকলক উদ্দেশ্যি "আমাৰ অঞ্চল আৰু গাঁও সমূহৰ বাবে দায়বদ্ধ হৈ থাকিব লাগে। লাচিত দিৱসৰ লগত সংগতি ৰাখি সকলোৱে এজোপা গছ ৰোপণ কৰক।

Advertisment

আমাৰ গাঁও খনক ড্ৰাগছ মুক্ত, বাল্য বিবাহ মুক্ত, সুৰা মুক্ত পৰিবেশ গঢ়িব লাগিব।" বুলি ভাষন প্ৰদান কৰে। গাঁওৰক্ষী বাহিনীৰ উদ্যোগত লাচিত দিৱস উপলক্ষে পুৱা ৯ বজাত স্বচ্চ ভাৰত অভিযানৰ পাছত ১০ বজাত বৃক্ষৰোপন কৰে বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ কুমাৰ কলিতা আৰু নগাঁও মহকুমাৰ উপ উপদেষ্টা তৰুণ নামনি ৰাজে। বন্তি প্ৰজ্বলন কৰে অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰণজিৎ কুমাৰ মজুমদাৰে। বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছৱিত মাল্যৰ্পনৰ পাছত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বটদ্ৰৱা আৰক্ষী থানা গাওঁৰক্ষী বাহিনীৰ স্থায়ী সভাপতি ইন্দ্ৰমোহন বৰুৱাই।

বৰগীত, গুৰু বন্দনা, দেশপ্ৰেম মূলক গীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই "৪০২ সংখ্যক লাচিত বৰফুকন স্মৃতি দিৱসৰ তাৎপৰ্য্য" ব্যখ্যা কৰে। অনুষ্ঠানত বটদ্ৰৱা থানৰ নাগৰিক সমিতিৰ সভাপতি ভাস্কৰ বৰা, ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, নগাঁও মহকুমাৰ আঠ খন থানাৰ প্ৰতিনিধি, সভাপতি, সম্পাদক সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।

লাচিত বৰফুকন