বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ গৃহস্থৰ ঘৰৰ গৰু বিহুৰ পৰম্পৰা...

অসমীয়া চহা জীৱনত অংগাংগীভাৱে জড়িত হৈ আছে গোধন। সেই বাবেই চাগে বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু

author-image
Asomiya Pratidin
New Update
uyus

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  অসমীয়া চহা জীৱনত অংগাংগীভাৱে জড়িত হৈ আছে গোধন। সেই বাবেই চাগে বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে পৰম্পৰাৰে।

সমান্তৰালকৈ বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে গৰু বিহু। শলগুৰি সত্ৰৰ ডেকা বুঢ়া, জীয়ৰী বোৱাৰী সকলোৱে একগোট হৈ গৰু নোৱাই ধুৱাই, বিহু গীত গাই আনন্দ উপভোগ কৰে।

দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া এই অনুপম পৰম্পৰা চলি আছে বুলি গঞা ৰাইজে মন্তব্য কৰিলে।

বিহু