/asomiyapratidin/media/media_files/2025/01/13/tvKtz0uHgIflUVOgfwZu.jpg)
বটদ্ৰৱাত ভোগালী বিহুৰ উৰুকাৰ পৰম্পৰাগত নাম কীৰ্তন। Photograph: (বটদ্ৰৱাত ভোগালী বিহুৰ উৰুকাৰ পৰম্পৰাগত নাম কীৰ্তন।)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভোগালীৰ উৰুকা নিশা সমগ্ৰ ৰাজ্যত ভেলাঘৰ, মেজিঘৰ আৰু গৃহস্থৰ চোতালত ভোজভাতৰ আয়োজন চলিছে। কিন্ত তাৰ বিপৰীতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ আৰু নৰোৱা সত্রৰ ভকত-বৈষ্ণৱ, ৰাইজে উৰুকাৰ নিশা ভেলাঘৰত পৰম্পৰাগত নাম কীৰ্তন কৰি অনুপম পৰম্পৰা বৰ্তাই ৰাখিছে।
উল্লেখ্য যে, বিহুৰ এপষেক পূৰ্বৰ পৰাই হৰিধ্বনি পৰম্পৰাৰ মাজেৰে ভকত সকলে প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি সংগ্রহ কৰে। এই দান-বৰঙণিৰে এইবেলি শলগুৰি সত্রৰ ৰাইজে সিংহ দ্বাৰৰ কাষত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰত আজি উৰুকাৰ নিশা সমবেত হৈ মুচুকুণ্ড স্তুতিৰ 'মন ৰাম বোলা' শীৰ্ষক কীৰ্তন পৰিবেশন কৰে।
কাইলৈ বিহুৰ দিনা পুৱাই বটদ্রৱাবাসী ৰাইজে উক্ত ভেলাঘৰত সমবেত হৈ 'গ’ল কুঁজি গ’ল চন্দন পিন্ধাৱলৈ গ’ল...’ শীৰ্ষক দিহা পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনাব।