/asomiyapratidin/media/media_files/2025/03/23/1ljlKRuWCOZIU0hsibUv.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ আজি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰাজাচাৰাং এলেকাত দিনৰ পোহৰতে এক ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চিআৰপিএফ জোৱান নীল কমল ৰায়ৰ বাসগৃহত চোৰে প্ৰৱেশ কৰি তলাভাঙি চুৰি কৰি নিয়ে কেইবা লক্ষাধিক টকা সোণৰ গহণা সহ নগদ ধন ।
ঘটনা সন্দৰ্ভত চিআৰপিএফ জোৱান নীল কমল ৰায়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে আজি দুপৰীয়া ১২ বজাত ওচৰৰে নেহালগাঁৱত পৰিয়ালৰ সৈতে শহুৰেকৰ ঘৰত আলহী খাবলৈ গৈছিল আৰু বিয়লি চাৰি বজাত ঘৰত উভতি অহাৰ পিছত দেখিবলৈ পায় যে ঘৰৰ পিছপিনে কোনোবাই প্ৰৱেশ কৰি দুটাকে তলা ভাঙি ঘৰত প্ৰৱেশ কৰি দুটা ষ্টিলৰ আলমিৰা তলা ভাঙি চাৰি তোলা সোণৰ নেকলেচ, চেইন, কানফুলি সহ অন্যান্য সোণৰ গহণা আৰু নগদ পাঁচ হেজাৰ টকা চোৰ কৰি লৈ গৈছে ।
তদুপৰি ঘৰৰ অন্যান্য আচবাব পত্ৰ খুলি সকলো সামগ্ৰীৰ ঘৰৰ মজিয়াত পেলাই সমগ্ৰ ঘৰখনকে লণ্ডভণ্ড কৰি থৈ গৈছে । তেখেতে আৰু জনায় যে ২০২৩ চনতো তেখেতৰ বাসগৃহত অনুৰূপ ধৰনে চুৰিকাণ্ড সংঘটিত কৰি সোণ ৰূপৰ আ-অলংকাৰ চুৰ কৰি লৈ গৈছিল ।
ইপিনে দিনৰ পোহৰতে চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত কাকতি চিআৰপিএফ জোৱান নীল কমল ৰায়ৰ বাসগৃহত আহি উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ পিছত চুৰিকাণ্ডৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ফৰেনচিক পদ্ধতিত কৰাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কাজলগাঁৱৰ পৰা ফৰেনচিক তদন্তকাৰী দল আহি তথ্য পাতি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ।