বাসুগাঁও ৰেলষ্টেচনত বিভিন্ন দল সংগঠনৰ ৰেল ৰখাই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ...

অসম প্ৰদেশ শিৱসেনা দলে ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত বিভিন্ন ৰেলষ্টেচনত এক্সপ্ৰেছ ৰেল ৰখোৱাৰ দাবী সম্পন্ন এখনি স্মাৰকপত্ৰ আলিপুৰ দুৱাৰ উচ্চ মাণ্ডলিক বিষয়ালৈ বাসুগাঁও ৰেলষ্টেচন অধীক্ষকৰ জৰিয়তে প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাং: অসম প্ৰদেশ শিৱসেনাৰ আহ্বানত অসম ৰেলযাত্ৰী এচ'ছিয়েচন, বাসুগাঁও ব্যৱসায়ী সন্থা, সদৌ বিটিআৰ ই-ৰিক্সা এচ'ছিয়েচনৰ সহযোগত বাসুগাঁও ৰেলষ্টেচনত যাত্ৰীবাহী এক্সপ্ৰেছ, মেইল ট্ৰেইন ৰখোৱাৰ দাবীত শুকুৰবাৰে বাসুগাঁও ৰেলষ্টেচন চৌহদৰ প্ৰৱেশদ্বাৰত দুঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

Advertisment

শিৱসেনাৰ লগতে অন্যান্য দল সংগঠনৰ শতাধিক লোকে সমদল উলিয়াই বাসুগাঁও ৰেলষ্টেচন চৌহদৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে ধৰ্ণা স্থলী উত্তাল কৰি তোলে। আজিৰ এই ধৰ্ণা কাৰ্য্যসূচীক কেন্দ্ৰ বাসুগাঁও ৰেলষ্টেচন চৌহদত আজি ধৰ্ণা কাৰ্য্যসূচীৰ নেতৃত্ব আৰপিএফ জিআৰপি সহ বাসুগাঁও থানাৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হয় ।

কোনো এজন আন্দোলনকাৰী যাতে ৰেলষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অস্থায়ী বেৰিকেট লগাই দিয়ে । অসম প্ৰদেশ শিৱসেনা দলৰ নেতা শিবু চন্দই সংবাদ মাধ্যমৰ আগত কয় যে, আমাৰ এই আন্দোলন কেৱল বাসুগাঁও ৰেলষ্টেচনতে নহয় বিটিআৰ সদৰ কোকৰাঝাৰ  ৰেলষ্টেচনত সকলো এক্সপ্ৰেছ, মেইল ট্ৰেইন ৰখোৱাষ

ইয়াৰোপৰি ক'ভিদ কালত বাসুগাঁও আৰু ছালাকাটি ৰেলষ্টেচনত বন্ধ কৰি দিয়া ধুবুৰী-কামাখ্যা আৰু কোচবিহাৰ-কামাখ্যা ইণ্টাৰচিটি ৰখোৱাৰ উপৰি বাসুগাঁও ৰেলষ্টেচনত পূৰ্বতে ৰখোৱা কাঞ্চনজংঘা এক্সপ্ৰেছ পুনৰ ৰখোৱাৰ দাবীৰে আমি বছৰৰ পিছত বছৰ ধৰি ৰেলবিভাগক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছো কিন্তু ৰেল বিভাগে ইমান দিনে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে এটা দাবীও আজিলৈকে কাৰ্য্যকৰী কৰা নাই ।

যাৰ কাৰণেই আমি এতিয়া বিগত মাহৰ পৰি ধাৰাবাহিক ভাবে বিভিন্ন ৰেলষ্টেচনত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছো। অহা ২৬ আগষ্টৰ ভিতৰত যদি ৰেল কতৃপক্ষই দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আগন্তুক সময়ত আমি ৰেলবিভাগৰ আলিপুৰ দুৱাৰ উচ্চ মাণ্ডলিক কাৰ্যালয় ঘেৰাও কৰি জংগি আন্দোলনৰ কৰিম।

অসম প্ৰদেশ শিৱসেনা দলে ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত বিভিন্ন ৰেলষ্টেচনত এক্সপ্ৰেছ ৰেল ৰখোৱাৰ দাবী সম্পন্ন এখনি স্মাৰকপত্ৰ আলিপুৰ দুৱাৰ উচ্চ মাণ্ডলিক বিষয়ালৈ বাসুগাঁও ৰেলষ্টেচন অধীক্ষকৰ জৰিয়তে প্ৰদান কৰে।

বাসুগাঁও