বাসুগাঁৱৰ আশ্ৰাবাৰীত বিদ্যুৎপৃষ্ঠ হৈ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু

নিহত ছাত্ৰ জনক চিৰাং জিলাৰ ছামথাইবাৰীৰ আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা আশ্ৰাবাৰী গাঁৱৰ বাসিন্দা ৰমন নাৰ্জাৰীৰ পুত্ৰ গৌমছাৰ নাৰ্জাৰী (১৪) বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1sad

ডিজিটেল সংবাদ, চিৰাং:  চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত আশ্ৰাবাৰী গাঁৱত দুপৰীয়াৰ ভাগত শোকাৱহ ঘটনা সংঘটিত হয়। ঘৰৰ কাষত কেঁচা বাঁহ কাটিবলৈ গৈ ওপৰত থকা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাৰত বিদ্যুতপৃষ্ঠ হৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু হয়। নিহত ছাত্ৰ জনক চিৰাং জিলাৰ ছামথাইবাৰীৰ আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা আশ্ৰাবাৰী গাঁৱৰ বাসিন্দা ৰমন নাৰ্জাৰীৰ পুত্ৰ গৌমছাৰ নাৰ্জাৰী (১৪) বুলি জানিব পৰা গৈছে।

 পৰিয়ালৰ লোকে সদৰি কৰা মতে আজি বিদ্যালয়ত পৰীক্ষা দি ঘৰত আহি বহাৰ আসন এটা বনাবলৈ কেঁচা বাঁহ এডাল কাটি পথেদি আহি থকাৰ সময়তে কেঁচা বাঁহডাল উচ্চ ক্ষমতাসম্পন্ন ১৩২ কেভি বৈদ্যুতিক তাৰৰ সৈতে সংস্পৰ্শত অহাত বিদ্যুতপৃষ্ঠ হৈ থিতাতে নিহত হয় গৌমছাৰ নাৰ্জাৰী। পিছত ঘটনা সন্দৰ্ভত বাসুগাঁও থানাৰ?আৰক্ষীক অৱগত কৰাৰ পিছত ছাত্ৰ গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

ইপিনে আদৰ্শ বিদ্যালয় এগৰাকী শান্তশিষ্ট মেধাৱী ছাত্ৰ হিচাপে পৰিচিত গৌমছাৰ নাৰ্জাৰীৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি বিদ্যালয়ৰ অধ্যক্ষ অর্জুন কুমাৰ বৰ্মন কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত উপস্থিত হয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি গভীৰ শোক প্ৰকাশ কৰে। কিশোৰ ছাত্ৰ জনৰ অকাল মৃত্যুত আশ্ৰাবাৰী এলেকাত শোকৰ ছা নামি পৰিছে ।

চিৰাং