/asomiyapratidin/media/media_files/2025/06/16/keaOuGOpkUlMcvYkWINa.jpg)
ডিজিটেল সংবাদ, চিৰাং: বাসুগাওঁ পৌৰসভাত চৰকাৰী ভাৱে যোগান ধৰা নতুন সা-সামগ্ৰীকে ধ্বংস কৰি ভঙাচিঙা সামগ্ৰীলৈ ৰূপান্তৰিত কৰি সেইবোৰ বিক্ৰী কৰাৰ দৰে কাৰ্য সংঘটিত হৈছে বাসুগাওঁ পৌৰসভাত। আজি বাসুগাওঁ পৌৰসভা কাৰ্যালয়ৰ চৌহদত ভঙাচিঙা সা-সামগ্ৰী বিক্ৰীৰ নামত নতুনকৈ যোগান ধৰা ষ্টিলৰ ডাষ্টবিনসমূহ কাটি ভঙাচিঙা সামগ্ৰীলৈ ৰূপান্তৰিক কৰা হৈছে বুলি এক নং ৱাৰ্ডৰ স্থানীয় লোকে সংবাদ মাধ্যমৰ লোকক খবৰ দিয়ে।
এইন খবৰ লাভ কৰি সাংবাদিকৰ দল বাসুগাঁও পৌৰসভা কাৰ্যালয় চৌহদত উপস্থিত হৈ ৰাইজে দিয়া খবৰৰ সত্যতা সচাঁ বুলি প্ৰমাণিত হয়। ডাংতলৰ তিনিজন যুৱকে বৈদ্যুতিন লো কটা যন্ত্ৰৰে বাসুগাঁও চহৰ এলেকাত বিতৰণ কৰাৰ বাবে বিভাগীয় ভাবে যোগান ধৰা আটকধুনীয়া ষ্টিলৰ ডাষ্টবিন কাটি টুকুৰা টুকুৰ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলায় সাংবাদিকৰ দলে।
/asomiyapratidin/media/media_files/2025/06/16/0jPFyJkoV3fjxoztZqjI.jpeg)
সাংবাদিকৰ দলটোক দেখি ডাষ্টবিন কাটি থকা যুৱক এজনে কৌশলপূৰ্ণ ভাবে ইতিমধ্যেই কাটি টুকুৰা কৰি ভাঁজ কৰি ৰখা ষ্টিলৰ পাত সমূহ অন্য সামগ্ৰীৰে লুকাই ৰখাৰ চেষ্টা কৰে। সাংবাদিক সকলে যুৱকজনক প্ৰশ্ন কৰাত সঠিকভাৱে উত্তৰ নিদি চালে বেৰে কোবাই হে উত্তৰ দিয়ে আৰু সমগ্ৰ ঘটনাটোক পৌৰসভাৰ শীৰ্ষতম কৰ্তৃপক্ষলৈ ঠেলি দি তাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে।
এই সন্দৰ্ভত বাসুগাঁও পৌৰসভা জ্যেষ্ঠ সহায়ক মনোজ মণ্ডলক প্ৰশ্ন কৰাত তেখেতে কয় যে, স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে বাসুগাঁও পৌৰসভাত কোটি কোটি টকা মূল্যৰ বিভিন্ন ধৰনৰ ডাষ্টবিনৰ পৰা আৰম্ভ কৰি বেটাৰী চালিত বাহন, ট্ৰেক্টৰ, এস্কেভেটৰ আদি বিভাগীয় ভাবে যোগান ধৰা হৈছিল। তাৰে পুৰণি তথা ৰ’দ, বৰষুণত জহিখহি নষ্ট হৈ যোৱা বহু কেইটা বেটাৰী চালিত বাহন, লোৰ, প্লাষ্টিকৰ ডাষ্টবিন আদি ভঙাচিঙা সামগ্ৰী হিচাপে বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষই।
তাৰ বাবে বিভাগীয় ভাবে নিৰ্দেশনা জাৰি কৰি নিৰ্দিষ্ট লো আৰু প্লাষ্টিকৰ সামগ্ৰীখিনি বিক্ৰী কৰাৰ বাবে বাছনি কৰি দিছিল। কিন্তু নতুন ষ্টিলৰ ডাষ্টবিনসমূহ কিয় আৰু কোনে কাটিছে তেখেত অৱগত নহয়।
/asomiyapratidin/media/media_files/2025/06/16/zvFTZtA2thVUwSDHHP08.jpeg)
তাৰ পিছত জ্যেষ্ঠ সহায়কগৰাকীক ডাষ্টবিন কাটি টুকুৰা টুকুৰ কৰি ৰখা ঠাইত লৈ যোৱাৰ পিছত তেখেতে চালিজাৰি চাই নিশ্চিত হয় যে ভঙাচিঙা সামগ্ৰী কৰাৰ নামত নতুন ডাষ্টবিনসমূহ কাটি থকা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ সহায়কগৰাকীয়ে যুৱকজনক প্ৰশ্ন কৰে- তোমালোকক নিৰ্দিষ্ট সামগ্ৰীৰ বাহিৰে এই ষ্টিলৰ ডাষ্টবিনসমূহ কোনে কাটিব দিছে?
এই প্ৰশ্নৰ উত্তৰত যুৱকজনে কয় যে ইয়াতেই পৰি থকাৰ বাবে কেইটামান ষ্টিলৰ পাতৰ টুকুৰা ভাঁজ কৰি থৈছিলো, কিন্তু আমি কটা নাই। পিছত উপস্থিতি সাংবাদিকসকলে সমগ্ৰ বিষয়টো চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাক ফোন যোগে অৱগত কৰে।
জিলা আয়ুক্ত গৰাকীয়ে প্ৰকৃততে কি হৈছে জানিবলৈ বাসুগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীক বাসুগাঁও পৌৰসভালৈ প্ৰেৰণ কৰাৰ কথা সাংবাদিকসকলক জানিবলৈ দিয়ে। কিন্তু প্ৰচণ্ড গৰমত সাংবাদিকসকলে প্ৰায় তিনিঘণ্টা সময় অপেক্ষা কৰাৰ পিছতো কাৰ্যবাহী বিষয়াগৰাকী পৌৰসভা চৌহদত উপস্থিত নোহোৱাত উপস্থিত সাংবাদিকসকলে অসন্তুষ্টি প্ৰকাশ কৰে।
পিছত বাসুগাঁও পৌৰসভাৰ সভাপতি সাধন চন্দ্ৰ মণ্ডল নিজে আহি উপস্থিত হোৱাত তেখেতক এই সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে আমি বিভাগীয় ভাবে মাত্ৰ দুবিধ সামগ্ৰী কাটিবলৈ দিছিলো। কিন্তু যোৱা শনি আৰু দেওবাৰ কাৰ্যালয় বন্ধ থকাৰ বাবে খুব সম্ভৱ সেই সুযোগ গ্ৰহণ কৰি যুৱক কেইজনে বাসুগাঁও চহৰত বিতৰণ কৰিবলৈ অনা নতুন ডাষ্টবিনসমূহ কাটিছে।
এই সমগ্ৰ বিষয়টোক তেখেতে নিন্দা কৰে আৰু এই ঘটনাত পৌৰসভাৰ পহৰাদাৰ গৰাকীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰে। যিহেতু বহুকেইটা ডাষ্টবিনৰ অংশ কাটি নষ্ট কৰিছে তাৰ বাবে বিভাগীয় ভাবে তদন্ত কৰা হ’ব আৰু প্ৰয়োজনত আইনৰ সহায় লৈ জৰিমনা আদায় কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
কিন্তু ভঙাচিঙা সামগ্ৰীৰ নামত ৰাইজৰ মাজত বিতৰণ কৰিবলৈ অনা ষ্টিলৰ ডাষ্টবিন সমূহ বছৰৰ পিছত বছৰ ধৰি পেলাই ৰাখি এতিয়া সুযোগ বুজি নতুন ডাষ্টবিন সমূহ কাটি ভঙাচিঙা সামগ্ৰীলৈ ৰূপান্তৰ কৰা বিষয়টো সচেতন ৰাইজে সহজ ভাবে মানি ল’ব পৰা নাই । ইয়াৰ এক উচিত তদন্ত কৰাৰ দাবী কৰিছে বাসুগাঁওবাসী ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us