Advertisment

বাসুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুই মটৰচাইকেল আৰোহী

পথ দুৰ্ঘটনা সংঘটিত কৰি পথৰ ওপৰতে কন্টেইনাৰ এৰি চালক আৰু সহ-চালক দুজন পলায়ন কৰে। দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁওলৈ প্ৰেৰণ কৰে ।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল সংবাদ,চিৰাং:  বাসুগাঁৱৰ সমীপৰ নেহালগাঁৱত বুধবাৰে নিশা ১১.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যানবাহন আৰক্ষীয়ে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ পথৰ ওপৰত গতিৰোধক স্থাপন কৰিছিল কিন্তু দুৰ্ভাগ্যজনক কথা উক্ত স্থানতে কোকৰাঝাৰ জিলাৰ ছালাকাটি স্থিত NTPC ৰ পৰা কয়লাৰ ছাই কঢ়িওৱা কন্টেইনাৰে মহতিয়াই নিয়ে দুই মটৰচাইকেল আৰোহীক ।

Advertisment

ফলত ঘটনাস্থলীতে নিহত হয় দুই মটৰচাইকেল আৰোহী যুৱক। ইপিনে পথ দুৰ্ঘটনা সংঘটিত কৰি পথৰ ওপৰতে কন্টেইনাৰ এৰি চালক আৰু সহ-চালক দুজন পলায়ন কৰে। দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁওলৈ প্ৰেৰণ কৰে ।

কালি নিশা নিহত যুৱক দুজনক চিনাক্ত হোৱা নাছিল। আজি পুৱা দুৰ্ঘটনাত নিহত মটৰচাইকেল আৰোহী যুৱক দুজনক কাকাৰাগাঁও ডালিম সুত্ৰধৰ(21) আৰু উলুবাৰীৰ অমৃত সন্ন্যাসী (18) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । দুৰ্ঘটনা সংঘটিত কৰা কন্টেইনাৰ খনৰ পঞ্জীয়ন নং BR -10 GC 4252 আৰু দুৰ্ঘটনা পতিত হোৱা গ্লেমাৰ মটৰচাইকেল খনৰ পঞ্জীয়ন নং AS-19V 2005 ।

পথ দুৰ্ঘটনা