বাসুদেৱ থানৰ বাটচৰামুখত অগ্নিকাণ্ডত দোকান ভস্মীভূত...

এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ঢকুৱাখনাৰ ৭খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ।  ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সমীপৰ বাটচৰামুখত মঙলবাৰে সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড ।

author-image
Asomiya Pratidin
New Update
bsd

ডিজিটেল সংবাদ:ঢকুৱাখনা: এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ঢকুৱাখনাৰ ৭খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ।  ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সমীপৰ বাটচৰামুখত মঙলবাৰে সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড । মঙলবাৰে সন্ধিয়া  প্ৰায় ৬-৪৫  বজাত বাটচৰামুখত অৱস্থিত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত অকস্মাত অগ্নিকাণ্ড সংঘটিত হয় ।

Advertisment

নিমিষতে জুইৰ লেলিহান শিখাই  ব্যৱসায়িক অঞ্চলটোৰ ঘৰ আৰু দোকান ছানি ধৰে । উপস্থিত ৰাইজে ঘটনা প্ৰত্যক্ষ কৰি  জুই নিৰ্বাপন ,জলন্ত ঘৰ আৰু প্ৰতিষ্ঠান সমূহৰ পৰা সামগ্ৰী উলিওৱাৰ চেষ্টা কৰে যদিও  ব্যৰ্থ হয় । ৰাইজৰ অশেষ প্ৰচেষ্টাৰ অন্তত পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বিভাগক খবৰ দিয়ে । অগ্নিনিৰ্বাপক বিভাগ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে  সমস্ত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায় । এপদো সামগ্ৰী নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম নহল ।

পৰিণতিত  এই প্ৰায় ৭ টা পৰিয়াল আৰু ব্যৱসায়ীৰ ঘৰ ,দোকান আৰু সকলো নথিপত্ৰ ,সামগ্ৰী জুইত ভস্মীভূত হয় ।  অগ্নিকাণ্ডৰ  কাৰণ অদ্যপি পোহৰলৈ অহা নাই । এই ভয়ংকৰ অগ্নিকাণ্ডত কোনোমতে ক্ষুদ্ৰ ব্যৱসায় দি জীৱন নিৰ্বাহ কৰা  বিপুল বৰা ,লক্ষীন্দ্ৰ বৰা ,হিৰণ্য চুতীয়া , সুভাষ ঠাকুৰ , ফুলেশ্বৰ বৰা ,গগন চুতীয়া,ধন মহন্ত আদিৰ ঘৰ ,দোকানৰ  বিস্তৰ ক্ষয় ক্ষতি হয় । জীৱনটোৰ বাহিৰে সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা এইসকল দুৰ্ভগীয়া পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে ।

কান্দোনৰ ৰোল উঠিছে সৰ্বশ্ৰান্ত পৰিয়াল সমূহৰ মাজত । স্থানীয় ৰাইজ আৰু সংগঠনে এইসকল দুৰ্ভগীয়া পৰিয়ালক চৰকাৰ  আৰু প্ৰশাসনৰ তৰফৰ পৰা এককালীন অৰ্থসাহায্য প্ৰদানৰ দাবী জনাইছে । আহ্বান জনাইছে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা গৃহনিৰ্মানৰ সামগ্ৰী প্ৰদান কৰাৰ ।ইয়াৰোপৰি লামুচুক সৰিয়হনী গাঁওৰ দুজন ব্যক্তিৰ ঘৰো মঙলবাৰে জুইত জাহ যায় ।

ঢকুৱাখনা